নিউজ ডেস্ক, 22 জুন : ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন মহেন্দ্ৰ সিং ধোনীয়ে আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত পুনৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ৷ ইয়াৰ পাছতে অনুৰাগীৰ সমালোচনাৰ সন্মুখীন হয় 37 বৰ্ষীয় প্ৰাক্তন ভাৰতীয় অধিনায়ক গৰাকী ৷
পুনৰ ব্যৰ্থ ধোনী : সমালোচনাৰ সন্মুখীন
আফগানিস্তানৰ বিৰুদ্ধে বেটিঙত ব্যৰ্থ হোৱাৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন মহেন্দ্ৰ সিং ধোনী ৷
মহেন্দ্ৰ সিং ধোনী
52 টা বলত কেৱল 28 ৰাণ সংগ্ৰহ কৰা ধোনীয়ে 45 সংখ্যক অ'ভাৰত ৰছিদ খানৰ বলত ষ্টাম্প আউট হয় ৷ কেদাৰ যাদৱৰ সৈতে বেটিং কৰা ধোনীৰ এই ইনিংছটোৰ পাছতে অনুৰাগী সকলে টুইটাৰৰ জৰিয়তে তেওঁক তীব্ৰ সমালোচনা আগবঢ়ায় ৷
উল্লেখ্য যে, ধোনীয়ে বৰ্তমানলৈকে দ্বিতীয়বাৰৰ বাবে এদিনীয়া ক্ৰিকেটত ষ্টাম্প আউটৰ সন্মুখীন হৈছে ৷ ইয়াৰ পূৰ্বে 2011 চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ষ্টাম্প আউট হৈছিল ধোনী ৷