অসম

assam

ETV Bharat / sports

ধাৱনৰ ৰিপ্লেছমেণ্ট নহয়ঃ বিচিচিআই - india

আঘাতপ্ৰাপ্ত শিখৰ ধাৱনৰ ৰিপ্লেছমেণ্ট নহয় ৷ বৰ্তমান পৰ্যবেক্ষণত ৰখা হৈছে শিখৰ ধাৱনক এই কথা সদৰি কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে ৷

ধাৱনৰ ৰিপ্লেছমেণ্ট নহয়ঃ বিচিচিআই

By

Published : Jun 12, 2019, 5:55 AM IST

Updated : Jun 12, 2019, 7:08 AM IST

স্পৰ্টছ ডেস্ক, 12 জুনঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত নাথান কুল্টৰ নাইলৰ বলত হাতৰ আঙুলিত আঘাতপ্ৰাপ্তৰ সন্মুখীন হৈছিল ভাৰতীয় অপেনাৰ শিখৰ ধাৱন ৷ যাৰ বাবে আগন্তুক তিনি সপ্তাহৰ বাবে খেল পথাৰৰ পৰা বিৰত থকাৰ সম্ভাৱনা ৷ যাৰ বাবে নিউজিলেণ্ড আৰু পাকিস্তানৰ মেচত ধাৱনৰ উপস্থিত এতিয়া অনিশ্চিয়তাত ৷

ধাৱনৰ ৰিপ্লেছমেণ্ট নহয়ঃ বিচিচিআই

কিন্তু বিচিচিআইয়ে উল্লেখ কৰিছে যে, ধাৱন বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে আৰু খেলুৱৈগৰাকী আগন্তুক দিনত ইংলেণ্ডতে থাকিব ৷
উল্লেখ্য যে, মেচখনত আঘাতৰ পিচতো কেৰিয়াৰৰ 17 তম শতক অৰ্জন কৰিছিল ধাৱনে৷ ধাৱনৰ 117 ৰানৰ সুন্দৰ ইনিংছৰ ফলতেই ভাৰতে 36 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল মেচখনত ৷ অৱশ্যে মেচখনত ফিল্ডিং কৰাৰ পৰা বিৰত আছিল ধাৱন ৷ তেওঁৰ স্থানত ফিল্ডিং কৰিবলৈ খেল পথাৰত নামিছিল ৰবিন্দ্ৰ জাডেজা ৷

Last Updated : Jun 12, 2019, 7:08 AM IST

ABOUT THE AUTHOR

...view details