স্পৰ্টছ ডেস্ক, ২৮ মে': সোমবাৰে আন এখন ৱাৰ্ম আপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ উইকেটত পৰাজয় স্বীকাৰ কৰিছে শ্ৰীলংকা দলে । ওছমান খুৱাজাৰ ৮৯ ৰাণৰ সুন্দৰ ইনিংছৰ জৰিয়তে অষ্ট্ৰেলিয়াই ৫ অ'ভাৰ বাকী থাকোতেই জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । অষ্ট্ৰেলিয়াৰ স্পীনাৰৰ সুন্দৰ প্ৰদৰ্শনেৰে শ্ৰীলংকাক ২৩৯ ৰাণতে সীমাবদ্ধ ৰাখিবলৈ সক্ষম হোৱাৰ পাছতে অষ্ট্ৰেলিয়াই ৪৪.৫ অ'ভাৰত ৫ উইকেট হেৰুৱাই এই ৰাণৰ সীমা অতিক্ৰম কৰে ।
ক্ৰিকেট বিশ্বকাপ, ২০১৯ : ধাৰাবাহিকতা ৰক্ষা কেংগাৰু বাহিনীৰ
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপৰ ৱাৰ্ম আপত ৫ উইকেটত পৰাস্ত হৈছে শ্ৰীলংকা দল । ওছমান খুৱাজাৰ ৮৯ ৰাণৰ সুন্দৰ ইনিংছৰ জৰিয়তে অষ্ট্ৰেলিয়াই ৪৪.৫ অ'ভাৰতে ২৩৯ ৰাণৰ সীমা অতিক্ৰম কৰে ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ উইকেটত পৰাস্ত শ্ৰীলংকা
শ্ৰীলংকাৰ হৈ লাহিৰু থিৰিমান্নেই ৬৯ বলত ৫৬ ৰাণ সংগ্ৰহ কৰাৰ উপৰি ডি ছিলভাই ৪৩ ৰাণ কৰে । অষ্ট্ৰেলিয়াৰ হৈ ওছমান খোৱাজাৰ সুন্দৰ প্ৰদৰ্শনৰ উপৰি গ্লেন মেক্সৱেলে ৩৬ ৰাণ আৰু শ্বন মাৰ্ছে ৩৪ ৰাণ সংগ্ৰহ কৰে ।
আৰু পঢ়ক : ছেমি ফাইনেলত কোন? শচীনৰ পূৰ্বানুমান
Last Updated : May 28, 2019, 9:38 PM IST