নিউজ ডেস্ক, 3 জুলাই : বুধবাৰে ভাৰতৰ মধ্যক্ৰমৰ বেটছমেন অম্বাতি ৰায়ুডুয়ে জীৱনৰ 25 টা বসন্ত ক্ৰিকেটৰ নামত উছৰ্গা কৰাৰ পাছত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ বিশ্বকাপৰ দৰে বৃহৎ প্ৰতিযোগিতাৰ পৰা উপেক্ষিত হোৱাৰ বাবেই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰায়ুডুয়ে ৷ উল্লেখ্য যে, মধ্যক্ৰমৰ বেটছমেন গৰাকীক বিশ্বকাপৰ বাবে বহুবাৰ দলীয় মেনেজমেন্টে অৱজ্ঞা কৰি আহিছিল ৷ বিজয় শংকৰৰ আঘাতৰ পাছতো ৰায়ুডুৰ পৰিৱৰ্তে মায়ংক আগৰৱালে 15 জনীয়া দলত স্থান লাভ কৰাত ক্ষুণ্ণ হৈ পৰিছিল তেওঁ ৷
এই লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হোৱাৰ লগতে ক্ৰিকেট তাৰকা সকলেও মন্তব্য প্ৰকাশ কৰিছে ৷ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ সেহৱাগে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিশ্বকাপৰ পৰা উপেক্ষিত হৈ ৰায়ুডু যথেষ্ট দুখিত হৈছে ৷ লগতে তেওঁৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে সেহৱাগে ৷
মহম্মদ কাইফে এই সন্দৰ্ভত মন্তব্য কৰে যে, দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সকলো ধৰণে কষ্ট কৰাৰ পাছতো দলত স্থান লাভ নকৰি দুখিত হৈ পৰিছিল ৰায়ুডু ৷