অসম

assam

ETV Bharat / sports

বিশ্বকাপ প্ৰদৰ্শনৰ ওপৰত সমীক্ষা চলাব উচ্চতম ন্যায়ালয়ে - REVIEW

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত এটা দলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শনৰ ওপৰত সমীক্ষা চলাব ।

বিচিচিআই

By

Published : Jul 12, 2019, 8:29 PM IST

স্পৰ্টছ ডেস্ক, ১২ জুলাই : উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এটা দলে টীম ইণ্ডিয়াৰ বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ প্ৰদৰ্শনৰ সমীক্ষা চলাব । এই দলটোত অধ্যক্ষ পদত বিনোদ ৰায়ৰ লগতে ডায়ানা এডুলজি আৰু ৰবি থোগড়েক নিযুক্তি প্ৰদান কৰা হৈছে ।

ইয়াৰ পূৰ্বে ভাৰতৰ মূখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী, বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰ আৰু বলিং প্ৰশিক্ষক ভাৰত অৰুণক ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈকে ৪৫ দিনৰ কাৰ্যকালৰ প্ৰসাৰণ ঘটোৱা হৈছিল । এই ভ্ৰমণ শেষ হোৱাৰ পাছতে তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে, নিউজিলেণ্ডৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হৈছিল টীম ইণ্ডিয়া ।

ABOUT THE AUTHOR

...view details