নিউজ ডেস্ক, 6 জুলাই : ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাহে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 100 টা উইকেট সংগ্ৰহ কৰিছে ৷ শনিবাৰে হেডিংলীত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত মেচত এই কৃতিত্ব লাভ কৰে খেলুৱৈ গৰাকীয়ে ৷ 25 বৰ্ষীয় ভাৰতীয় বলাৰ গৰাকীয়ে 57 সংখ্যক মেচত শ্ৰীলংকাৰ অধিনায়ক ডিমুথ কৰুণাৰত্নেৰ উইকেট দখলৰ পাছতে এই কৃতিত্বৰ অধিকাৰী হয় ৷
উইকেটৰ শতক অৰ্জন বুমৰাহৰ - 25 YEAR OLD
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 100 টা উইকেট সংগ্ৰহ কৰিছে ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাহে ৷ 25 বৰ্ষীয় বলাৰ গৰাকীয়ে 57 সংখ্যক মেচত শ্ৰীলংকাৰ অধিনায়ক ডিমুথ কৰুণাৰত্নেৰ উইকেট দখলৰ পাছতে এই কৃতিত্বৰ অধিকাৰী হয় ৷
জছপ্ৰীত বুমৰাহ
আইচিচিয়ে এক টুইটৰ জৰিয়তে বুমৰাহৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে, বুমৰাহে কেৱল 57 খন মেচতে উইকেটৰ শতক অৰ্জন কৰিলে ৷ অতি কম মেচতে এই কৃতিত্ব অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ'ল বুমৰাহ ৷ আইচিচিৰ লগতে বিচিচিআইয়েও বুমৰাহৰ সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷
ডিমুথ কৰুণাৰত্নেৰ পাছতে বুমৰাহে কুশল পেৰেৰা আৰু এঞ্জেলো মেথিউজৰ উইকেট দখল কৰে ৷ 10 অ'ভাৰত 37 ৰাণ খৰচ কৰি মুঠ 3 টা উইকেট দখল কৰে বিধংসী বলাৰ গৰাকীয়ে ৷