অসম

assam

ETV Bharat / sports

ৰোহিতে লাভ কৰিব নেকি অধিনায়কৰ দ্বায়িত্ব !

বিশ্বকাপত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ ছেমিফাইনেলৰ পৰা বাহিৰ হোৱাৰ পাচতেই ভাৰতীয় দলৰ এদিনীয়া ক্ৰিকেটৰ অধিনায়কক লৈ সৰ্বত্ৰে চলিছে চৰ্চা ৷ বিৰাটৰ সলনি ৰোহিতে লাভ কৰিব নেকি অধিনায়কৰ দ্বায়িত্ব ?

By

Published : Jul 15, 2019, 11:44 PM IST

ৰোহিতে লাভ কৰিব নেকি অধিনায়কৰ দ্বায়িত্ব !

স্পৰ্টছ ডেস্ক,15 জুলাইঃ সলনি হ’ব নেকি ভাৰতীয় ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ অধিনায়ক ৷ বিৰাটৰ সলনি ৰোহিতক এদিনীয়া ক্ৰিকেটৰ অধিনায়ক বনোৱাৰ সম্ভাৱনা ৷ সূত্ৰ অনুসৰি ইতিমধ্যে এই বিষয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে আলোচনা কৰিব বুলি জানিব পৰা গৈছে ৷ আগন্তুক বিশ্বকাপৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে বিশ্বকাপৰ পৰাজয়ৰ পিচতেই ৰোহিত আৰু বিৰাটৰ মাজত কিছু বাত-বিতণ্ডাৰ উৰা বাতৰি ওলোৱাৰ পিচতেই CoA য়ে এই সন্দৰ্ভতো প্ৰশিক্ষক ৰবি শাস্ত্ৰী,কোহলি,দল নিৰ্বাচক মুখ্য বিষয়া এম এছ কে প্ৰসাদৰ সৈতে আলোচনাত মিলিত হ’ব জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বে দলৰ প্ৰদৰ্শনৰো ওপৰত সমীক্ষা কৰা হ’ব বুলি জানিবলৈ দিছিল বিনোদ ৰায়ে ৷

ABOUT THE AUTHOR

...view details