স্পৰ্টছ ডেস্ক, 7 জুলাই : ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সৈতে মিলি ভাৰত বিৰোধী শ্ল'গান আগবঢ়োৱাৰ বাবে এক অভিযোগ দাখিল কৰিছে ৷ উল্লেখ্য যে, শনিবাৰে শ্ৰীলংকা বনাম ভাৰত মেচত 'কাশ্মীৰ বিবাদ' সম্পৰ্কত আকাশমাৰ্গেৰে বেনাৰ উৰুৱাইছিল কোনো অজ্ঞাত লোকে ৷
ভাৰত বিৰোধী শ্ল'গানৰ বিৰুদ্ধে বিচিচিআইৰ অভিযোগ - ভাৰত বিৰোধী শ্ল'গান
ভাৰত বিৰোধী শ্ল'গানৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰা বিচিচিআইয়ে আইচিচিৰ সৈতে লগলাগি এক অভিযোগ দাখিল কৰিছে ৷ এই অভিযোগৰ পাছতে ৱেষ্ট য়ৰ্কশ্বায়াৰ আৰক্ষীয়ে এনে কাৰ্য পুনৰ সংঘটিত নহয় বুলি আশ্বাস প্ৰদান কৰে ৷
![ভাৰত বিৰোধী শ্ল'গানৰ বিৰুদ্ধে বিচিচিআইৰ অভিযোগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3772606-thumbnail-3x2-bc-2.jpg)
শনিবাৰে হেডিংলীত অনুষ্ঠিত মেচৰ পূৰ্বে আইচিচিয়ে ষ্টেডিয়ামৰ সুৰক্ষা সম্পৰ্কত অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ দিনৰ 3 বজাৰ পৰা আৰম্ভ হোৱা মেচত শ্ৰীলংকাৰ ইনিংছৰ সময়তে ষ্টেডিয়ামৰ ওপৰেদি ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰি এখন বিমান আকাশমাৰ্গত উৰিছিল ৷ ইয়াৰ পাছতে আইচিচিয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে জনাইছিল যে, তেওঁলোকে এনেধৰণৰ ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিবলৈ কেতিয়াও অনুমতি প্ৰদান নকৰে ৷
ইয়াৰ পাছতে ৱেষ্ট য়ৰ্কশ্বায়াৰ আৰক্ষীয়ে আইচিচিক এনে ঘটনা পুনৰ সংঘটিত নহয় বুলি আশ্বাস প্ৰদান কৰিছে ৷ উল্লেখ্য যে, এই বৰ্ষৰ টুৰ্ণামেন্ট খনত এইয়া তৃতীয়টো এনে ধৰণৰ ঘটনা সংঘটিত হৈছে ৷