স্পৰ্টছ ডেস্ক, 25 মে’:অহা 30 মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে ভাৰতলৈ আহিল সুখবৰ ৷ অনুশীলন মেচত আঘাতৰ সন্মুখীন হোৱা বিজয় শংকৰে অংশ ল’ব বিশ্বকাপত ৷ এই কথা প্ৰকাশ কৰিলে বিচিচিআইয়ে ৷
ক্ৰিকেটপ্ৰেমীলৈ সুখবৰঃ বিশ্বকাপত অংশ ল’ব বিজয় শংকৰে - বিজয় শংকৰে
ভাৰতীয় ক্ৰীড়াপ্ৰেমিলৈ সুখবৰ ৷ কিছুদিন পূৰ্বে আঘাতৰ সন্মুখীন হোৱা বিজয় শংকৰে বিশ্বকাপত অংশ লোৱাৰ কথা প্ৰকাশ কৰিলে বিচিচিআইয়ে ৷

বিশ্বকাপত অংশ ল’ব বিজয় শংকৰেঃ বিচিচিআই
আঘাতৰ বাবে বিশ্বকাপত শংকৰৰ খেলা-নেখেলাকৈ অনিশ্চিয়তাই বিৰাজ কৰাৰ সময়তে এই সুখবৰ দিয়ে বিচিচিআইয়ে ৷ মেডিকেল ৰিপৰ্টৰ পিচত শংকৰৰ আঘাত গম্ভীৰ নহয় বুলি প্ৰকাশ কৰে বিচিচিআইয়ে ৷ শুকুৰবাৰে অনুশীলনৰ সময়ত খলীল আহমেদৰ বলত কান্ধত আঘাতপ্ৰাপ্ত হৈছিল বিজয় শংকৰ ৷