অসম

assam

ETV Bharat / sports

ডিফেণ্ডিং চেম্পিয়নৰ বিৰুদ্ধে আফগানিস্তান

বিশ্বকাপৰ অন্যতম 'ফেভাৰেট' অষ্ট্ৰেলিয়াই শনিবাৰৰ প্ৰথমখন মেচত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

ডিফেণ্ডিং চেম্পিয়নৰ বিৰুদ্ধে আফগানিস্তান

By

Published : Jun 1, 2019, 11:58 AM IST

নিউজ ডেস্ক, ১ জুন : শনিবাৰে ব্ৰিষ্টল কাউন্টী গ্ৰাউণ্ডত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন যুঁজত অৱতীৰ্ণ হ'ব আফগানিস্তান দল। এই বৰ্ষৰ বিশ্বকাপৰ অন্যতম 'ফেভাৰেট' এৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়া ক্ৰিকেট দলে জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব। তাৰোপৰি,বিস্ফোৰক বেটছমেন ডেভিদ ৱাৰ্ণাৰ আৰু ষ্টিভ স্মিথৰ প্ৰত্যাৱৰ্তনে দলটোৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি কৰিছে ।

ডেভিদ ৱাৰ্ণাৰ আৰু ষ্টিভ স্মিথ

আনহাতে,বিশ্বকাপ ক্ৰিকেটত বহু পলমকৈ প্ৰৱেশ ঘটা গুলবদিন নাইব নেতৃত্বাধীন আফগানিস্তান দলটোৰ উত্থানো সাধু কথাতকৈ কম নহয় । তাৰকা স্পীনাৰ ৰছিদ খানে দলটোৰ দায়িত্ব মূৰ পাতি লোৱাৰ লগতে শনিবাৰৰ খেলতো দলৰ প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব । উল্লেখ্য যে, টি-২০ ৰেংকিঙত শীৰ্ষ ৰেংকিঙত থকাৰ উপৰি এদিনীয়া ৰেংকিঙত তৃতীয় স্থানত আছে আফগানিস্তানৰ স্পীনাৰ গৰাকী।

ডিফেণ্ডিং চেম্পিয়নৰ বিৰুদ্ধে আফগানিস্তান

ABOUT THE AUTHOR

...view details