অসম

assam

ETV Bharat / sports

পাকিস্তানক আন এক মোক্ষম আঘাত ভাৰতৰ - অমিত শ্বাহ

পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াই বৃহৎ জয় লাভ কৰাৰ পাছতে টুইটাৰৰ জৰিয়তে দলটোক অভিনন্দন জ্ঞাপন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ তেওঁৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কিৰেণ ৰিজিজু, ৰেলৱে' মন্ত্ৰী পিয়ুষ গোৱেল, প্ৰাক্তন জম্মু - কাশ্মীৰৰ মূখ্যমন্ত্ৰী মেহবুবা মুফ্টী, কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদকাৰীৰ লগতে কংগ্ৰেছ দলেও টীম ইণ্ডিয়াৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷

By

Published : Jun 17, 2019, 2:18 PM IST

অমিত শ্বাহ

নিউজ ডেস্ক, 17 জুন : বিশ্বকাপ ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ দূৰ্দান্ত প্ৰদৰ্শনৰ পাছতে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দলটোক অভিনন্দন জ্ঞাপন কৰে ৷ 2016 চনত ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ সৈতে এই জয়ক তুলনা কৰে শ্বাহে ৷

ৰাজনাথ সিঙৰ টুইট

টুইটাৰৰ জৰিয়তে শ্বাহে মন্তব্য কৰে যে, টীম ইণ্ডিয়া আন এক ছাৰ্জিকেল ষ্ট্ৰাইক কৰিলে আৰু এইবাৰৰ ফলাফলো পূৰ্বৰ দৰেই সফল ৷ সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে দলটোলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰতিজন ভাৰতীয়ই এই জয়ক লৈ গৰ্বিত বুলি মন্তব্য কৰে তেওঁ ৷

অমিত শ্বাহৰ টুইট

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোৱে দলটোক লৈ গৌৰৱ অনুভৱ কৰে বুলি মন্তব্য কৰে ৷ কিৰেণ ৰিজিজুয়ে মন্তব্য কৰে যে, তেওঁ পূৰ্বেই নিশ্চিত আছিল যে পাকিস্তানক পৰাস্ত কৰিব টীম ইণ্ডিয়াই ৷ তেওঁলোকৰ উপৰিও ৰেলৱে' মন্ত্ৰী পিয়ুষ গোৱেল, প্ৰাক্তন জম্মু - কাশ্মীৰৰ মূখ্যমন্ত্ৰী মেহবুবা মুফ্টী, কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদকাৰীৰ লগতে কংগ্ৰেছ দলেও টীম ইণ্ডিয়াৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে দেশক গৌৰৱাম্বিত কৰা বাবে অশেষ ধন্যবাদো জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details