নিউজ ডেস্ক, ১৪ জুন : বৰষুণৰ বিধি - পথালিৰ বাবে বিশ্বকাপ ক্ৰিকেটৰ বহু কেইখন মেচ পৰিত্যক্ত হোৱাৰ পাছতে ক্ষুণ্ণ হৈ পৰিছিল ক্ৰিকেট অনুৰাগী । শুকুৰবাৰৰ ভাৰত - নিউজিলেণ্ডৰ মেচতো এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতে টুইট কৰিলে ভাৰতীয় চিনেমা জগতৰ বৰ্ষীয়ান তাৰকা 'বিগ বি' খ্যাত অমিতাভ বচ্চনে ।
বিশ্বকাপ ক্ৰিকেট আৰু 'বিগ বি'ৰ টুইট - ETV BHARAT
শুকুৰবাৰৰ ভাৰত - নিউজিলেণ্ডৰ মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছতে অন্য ক্ৰিকেট প্ৰেমীসকলৰ দৰে অমিতাভ বচ্চনেও টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বাৰিষাৰ সময়ত বিশ্বকাপ আয়োজন কৰা বাবে আইচিচিক সমালোচনা কৰে 'বিগ বি'য়ে ।
![বিশ্বকাপ ক্ৰিকেট আৰু 'বিগ বি'ৰ টুইট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3557444-thumbnail-3x2-ab-1.jpg)
বিশ্বকাপ ক্ৰিকেট আৰু 'বিগ বি'ৰ টুইট
তেওঁ টুইটৰ জৰিয়তে বিশ্বকাপ ক্ৰিকেটক ভাৰতলৈ স্থানান্তৰ কৰিব লাগে বুলি মন্তব্য কৰে । আইচিচিৰ সমালোচনা কৰি বচ্চনে কয় যে, এনে এখন বৃহৎ টুৰ্ণামেন্ট বাৰিষাৰ সময়ত আয়োজন কৰা বাবে আইচিচিয়ে লাজ পাব লাগে । ধোনীৰ গ্ল'ভছতকৈ মেচৰ সঠিক সময়ত ধ্যান দিয়া উচিত বুলিও কটাক্ষ কৰে বচ্চনে ।
উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰত আৰু নিউজিলেণ্ড দুয়ো দলে বিশ্বকাপৰ এখনো মেচত পৰাজয়বৰণ কৰা নাই । ভাৰতে পৰৱৰ্তী মেচত ১৬ জুনত পাকিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰত খেলিব ।