নিউজ ডেস্ক, 13 নৱেম্বৰঃ ডিচেম্বৰৰ 17 তাৰিখৰ পৰা হ'ব লগা ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাত খেলাৰ পৰা বিৰত থাকিব ভাৰতীয় ক্ৰিকেট দলৰ অ'পেনাৰ ৰোহিত শৰ্মা ৷ ফিটনেছত নিশ্চয়তা নথকাৰ বাবেই অষ্ট্ৰেলিয়াৰ ভ্ৰমণৰ পৰা বিৰতি দিয়া হৈছে ৰোহিত শৰ্মাক ৷
প্ৰথম অৱস্থাত অ'পেনাৰ জনক ভাৰতীয় ক্ৰিকেট দলত অন্তভুক্ত কৰা হৈছিল যদিও পিচত শাৰীৰিক অসুবিধা কথা স্পষ্ট কৰে ৰোহিত শৰ্মাই ৷ এনে ক্ষেত্ৰত দলৰ পৰা বিৰতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে BCCI য়ে ৷