স্পৰ্টছ ডেস্ক, 11 জুনঃ পাকিস্তান ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হিচাপে শেহতীয়াকৈ নিযুক্তি প্ৰাপ্ত বেটিং প্ৰশিক্ষক ইউনিছ খানৰ বাবৰ আজমক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য় । বুধবাৰে বাবৰ আজমৰক বহু ক্ৰিকেটাৰৰ সৈতে তুলনা সন্দৰ্ভৰ আৰু সীমিত অভাৰত তেওঁৰ বেটিং মেজাজৰ ওপৰত কাম কৰিব লাগিব বুলি কয় ইউনিছ খানে । ইয়াৰ লগতে ভৱিষ্যতে বাবৰ আজমক সকলো অভিলেখ ভংগ কৰি এজন কিংবদন্তি খেলুৱৈ হিচাপে চোৱাৰো ইচ্ছা প্ৰকাশ কৰে নৱ নিযুক্ত প্ৰশিক্ষকগৰাকীয়ে ।
তেণ্ডুলকাৰ, মিয়াঁদাদৰ সৈতে সামাঞ্জস্য়ৰ বাবে বাবৰক অধিক সময়ৰ প্ৰয়োজন : ইউনিছ খান - জাৱেদ মিয়াঁদাদ
বহু ক্ৰিকেটাৰৰ সৈতে পাকিস্তানৰ যুৱ প্ৰতিভাৱান ক্ৰিকেটাৰ বাবৰ আজমক তুলনাক লৈ পুনৰ মুখ খুলিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তানৰ নতুন বেটিং প্ৰশিক্ষক ইউনিছ খানে ।
আনহাতে বাবৰ আজমক বিৰাট কোহলিৰ সৈতে তুলনা কৰাকলৈও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, এইটো স্তৰত দুয়োৰে তুলনা কৰা অনুচিত । তেওঁ লগতে কয় মই তুলনা ভাল নাপাও । কোহলি বৰ্তমান খেলৰ উচ্চ শিখৰত আছে । বিনা দ্বিধাই তেওঁ এজন শীৰ্ষ বেটছমেন আৰু বৰ্তমান সকলো ফৰ্মেটতেই তেওঁ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । বাবৰেও শেহতীয়াকৈ সকলো ফৰ্মেটত ৰান কৰিবলৈ সক্ষম হৈছে যদিও বিৰাট বৰ্তমান য'ত আছে বাবৰ পাঁচ বছৰৰ অন্তত সেই স্থানত উপনীত হ'ব বুলি কয় ইউনিছ খানে ।
লগতে চাৰি-পাঁচ বছৰ পাচত তুলনা কৰিলে শুভা পাব বুলি উল্লেখ কৰি শচীন তেণ্ডুলকাৰ, জাৱেদ মিয়াঁদাদৰ দৰে খেলুৱৈৰ লগত সামাঞ্জস্য হ'বলৈ বাবৰক কিছু সময় দিয়াৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰ ইউনিছ খানে ।