স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ :অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগা টি-20 বিশ্বকাপ, 2022 পৰ্যন্ত পাকিস্তানৰ বেটিং প্ৰশিক্ষক হিচাপে চুক্তিৰ সম্প্ৰসাৰণ কৰা হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ইউনিছ খানৰ ৷ বৃহস্পতিবাৰে পাকিস্তান ক্ৰিকেট বৰ্ডে (PCB) খানৰ চুক্তি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে ৷
PCB য়ে জানিবলৈ দিয়ে যে, ইংলেণ্ড ভ্ৰমণত পাকিস্তান দলৰ প্ৰশিক্ষক হিচাপে ইউনিছৰ ভূমিকাৰ ওপৰত দৃষ্টি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
PCB ৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাছিম খানে কয়, "মই সুখী যে, ইউনিছ অহা দুটা বছৰ আমাৰ সৈতে বেটিং প্ৰশিক্ষক হিচাপে থাকিব ৷ ইংলেণ্ডলৈ অতি কম সময়ৰ ভ্ৰমণত ইউনিছৰ দললৈ প্ৰভাৱ সম্পৰ্কত আমি যি যোগাত্মক প্ৰতিক্ৰিয়া লাভ কৰিলো সেয়া গুৰুত্বপূৰ্ণ ৷"
তেওঁৰ কৰ্মৰ প্ৰতি দায়বদ্ধতা আৰু জ্ঞান সৰ্বজনবিদিত আৰু মই বিশ্বাসী যে, তেওঁৰ নিযুক্তি বহু প্ৰতিভাসম্পন্ন বেটছমেনৰ বাবে সহায়ক হ'ব ৷"