স্পৰ্টছ ডেস্ক, 4 জানুৱাৰীঃনাগৰিকত্ব সংশোধনী আইন(CAA) সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী ৷ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত বনাম শ্ৰীলংকা T20 খেলৰ পূৰ্বে শনিবাৰে আয়োজন কৰা সংবাদমেলত কোহলীয়ে কয় যে, এই আইনখন সন্দৰ্ভত সঠিক জ্ঞান নথকা বাবে কোনো মন্তব্য কৰিব নিবিচাৰে ৷ তেওঁ লগতে কয় যে, গুৱাহাটী ভ্ৰমণ কৰিবলৈ দলটোৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই ৷
কোনো বিষয়ত মতামত দাঙি ধৰিবলৈ জ্ঞানৰ প্ৰয়োজনঃ CAA সম্পৰ্কত কোহলী - Kohli refused to comment on CAA
ভাৰত-শ্ৰীলংকাৰ মেচৰ পূৰ্বে শনিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰে বিৰাট কোহলীয়ে ৷ CAA সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে কোহলী ৷
CAA সম্পৰ্কত কোহলীৰ মন্তব্য
তেওঁ কয়, "চহৰখন সম্পূৰ্ণৰূপে সুৰক্ষিত ৷ ইয়ালৈ অহাৰ পথত আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই ৷ CAA সম্পৰ্কত মই দায়িত্বহীন হ'ব নিবিচাৰো ৷ ইয়াৰ বাবে সঠিক তথ্য থাকিব লাগে তেতিয়াহে মন্তব্য কৰাটো ভাল হ'ব ৷ মোৰ জ্ঞান নথকা কোনো বিষয়ত মই নিজকে জড়িত কৰিব নিবিচাৰো ৷"
আৰু পঢ়ক : গুৱাহাটীত সন্মুখ-সমৰত নামিব ভাৰত-শ্ৰীলংকা