অসম

assam

ETV Bharat / sports

উইকেটৰ পিছত শ্বাহাৰ ‘শতক’ - ঋদ্ধিমান শ্বাহা

ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা ঐতিহাসিক দিবা-নৈশ টেষ্টত ঋদ্ধিমান শ্বাহাৰ নতুন কৃতিত্ব ৷ উইকেটৰ পিচত 100 টা সফলতা লাভ কৰিলে শ্বাহাই ৷

উইকেটৰ পিছত শ্বাহাৰ ‘শতক’

By

Published : Nov 22, 2019, 6:00 PM IST

স্পৰ্টছ ডেস্ক, 22 নৱেম্বৰ: ভাৰত আৰু বাংলাদেশৰ মাজত আজিৰ পৰা অনুষ্ঠিত হৈছে ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ ৷ পোন প্ৰথমবাৰৰ বাবে পিংক বলৰ টেষ্ট মেচৰ সন্মুখীন হৈছে দুয়োটা দল ৷ এই টেষ্ট মেচতেই এক নতুন কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ ঋদ্ধিমান শ্বাহাই ৷

কলকাতাৰ ইডেন গাৰ্ডেনত চলি থকা মেচখনত উইকেটৰ পিচত 100 টা সফলতা লাভ কৰিলে শ্বাহাই ৷ নিজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ 36 খন মেচত এই এই কৃতিত্ব লাভ কৰে খেলুৱৈগৰাকীয়ে ৷ ভাৰতৰ হৈ উইকেটৰ পিচত 100 টা উইকেট লাভ কৰা ষষ্ঠগৰাকী খেলুৱৈ হৈ ঋদ্ধিমান শ্বাহা ৷ য’ত আছে 89 টা কেট্ছ আৰু 11 টা ষ্টাম্পিং ৷ ইপিনে এই তালিকাৰ শীৰ্ষ স্থানত আছে ভাৰতৰ প্ৰাক্তন খেলুৱৈ মহেন্দ্ৰ সিং ধোনী ৷ ধোনীৰ নামত আছে 294 টা উইকেট ৷ ইয়াৰ পাচতেই আছে কিৰমাণী,কিৰণ ম’ৰো,নয়ন মংগিয়াৰ নাম ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 2010 চনত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত অভিষেক কৰিছিল ঋদ্ধিমান শ্বাহাই ৷

ABOUT THE AUTHOR

...view details