স্পৰ্টছ ডেস্ক,19 ফেব্ৰুৱাৰীঃভাৰতত সু-সজ্জিত হৈ উঠিছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন ৷ পূৰ্বৰ মটেৰা ষ্টেডিয়ামখনক পুনৰ নিৰ্মাণ কৰি গঢ় দিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামলৈ ৷ মঙলবাৰে বিচিচিআইয়ে টুইটাৰ যোগে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনৰ আকাশমাৰ্গৰ এক আলোকচিত্ৰ শ্বেয়াৰ কৰাৰ লগতে বুধবাৰেও শ্বেয়াৰ কৰে এখন ফটো ৷
সাজু হৈ উঠিছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন... - Motera Stadium
প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মেচ ৷ আহমেদাবাদত নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৷
![সাজু হৈ উঠিছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন... সাজু হৈ উঠিছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6123591-thumbnail-3x2-a.jpg)
সাজু হৈ উঠিছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন
উল্লেখ্য যে, এই ষ্টেডিয়ামখনত একলগতে 1,10,000 হাজাৰ দৰ্শকে খেল উপভোগ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ পূৰ্বে মেলৱৰ্ণ ক্ৰিকেট ষ্টেডিয়ামৰ নামত আছিল বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰ অভিলেখ ৷ য’ত 90 হাজাৰ দৰ্শকে একেলগে ষ্টেডিয়ামত খেল উপভোগ কৰাৰ ক্ষমতা আছিল ৷ জানিব পৰা মতে,গুজৰাটৰ আহমেদাবাদত নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৷
চৰ্দাৰ পেটেল ক্ৰিকেট ষ্টেডিয়াম হিচাপে নামকৰণ কৰা ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মেচ ৷
মটেৰা বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম
Last Updated : Feb 19, 2020, 11:57 AM IST