অসম

assam

ETV Bharat / sports

মহিলা টি-20 বিশ্বকাপঃ নিউজিলেণ্ডক 134 ৰানৰ লক্ষ্য ভাৰতৰ - ICC womens T20I

নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ নিজৰ তৃতীয়খন মেচত অৱতীৰ্ণ হৈছে ভাৰত ৷ প্ৰথমে বেটিং কৰি 133 ৰান সংগ্ৰহ ভাৰতৰ ৷

মহিলা টি-20 বিশ্বকাপ, Womens World Cup 2020
মহিলা টি-20 বিশ্বকাপঃ নিউজিলেণ্ডক 134 ৰানৰ লক্ষ্য ভাৰতৰ

By

Published : Feb 27, 2020, 11:48 AM IST

স্পৰ্টছ ডেস্ক, 27 ফেব্ৰুৱাৰীঃ আইচিচি মহিলা টি-20 বিশ্বকাপত আজি মুখামুখি হৈছে দুই শক্তিশালী দল নিউজিলেণ্ড আৰু ভাৰত ৷ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত ভাৰতে 8 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 133 ৰান ৷ গ্ৰুপ এ ত অন্তৰ্ভুক্ত ভাৰতীয় দলটোৰ লক্ষ্য হ’ব নিউজিলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত স্থান সুনিশ্চিত কৰাৰ ৷ ভাৰতীয় সময় অনুসৰি মেলৱৰ্ণৰ জংচন অ’ভেল ষ্টেডিয়ামত পুৱা 9 বাজি 30 মিনিটৰ পৰা অনুষ্ঠিত হৈছে মেচখন ৷

ভাৰতীয় মহিলা ক্ৰিকেট দল

ভাৰতৰ হৈছেফালি বাৰ্মাই 46, স্মৃতি মন্দানাই 11, তানিয়া ভাটিয়া 23, জেমিমাহ ৰড্ৰিগেজ 10, হৰমনপ্ৰীত কৌৰ 1, দিপ্তী শৰ্মাই 8, বেদা কৃষ্ণামূৰ্তীয়ে 6, ৰাধা যাদৱে 14আৰুশিখা পাণ্ডেয়ে অপৰাজিত 10 ৰান কৰিবলৈ সক্ষম হয় ৷ নিউজিলেণ্ডৰ হৈ ৰছমেৰী মাইৰ আৰু এমেলিয়া কেৰে 2 টাকৈ উইকেট দখল কৰে ৷

ছেফালি বাৰ্মা

ভাৰতে ইয়াৰ পূৰ্বে প্ৰথমখন মেচত চাৰিবাৰৰ বিশ্বচেম্পিয়ন অষ্ট্ৰেলিয়াক 17 ৰানত পৰাস্ত কৰি শক্তিশালী ৰূপে টুৰ্ণামেণ্টৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে দ্বিতীয়খন মেচত বাংলাদেশ দলক 18 ৰানত পৰাস্ত কৰিছিল ৷ বৰ্তমান চাৰি পইণ্ট লাভেৰে গ্ৰুপ এৰ তালিকাত প্ৰথম স্থান দখল কৰি আছে ভাৰতে ৷ ইপিনে শ্ৰীলংকাক পৰাস্ত কৰি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে নিউজিলেণ্ডে ৷

ABOUT THE AUTHOR

...view details