নিউজ ডেস্ক , 8 মাৰ্চঃ চাৰিবাৰৰ চেম্পিয়ন তথা আয়োজক দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হোৱা মহিলা টি20 বিশ্বকাপত ভাৰতীয় দলক নেতৃত্ব দিব হৰমনপ্ৰিত কৌৰে ৷ টুৰ্ণামেণ্টখনত বৰ্তমানলৈকে অপৰাজিত হৈ ৰোৱা হৰমপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে প্ৰথম মেচতেই পৰাস্ত কৰিছিল আয়োজক দল অষ্ট্ৰেলিয়াক ৷ পুনম যাদৱৰ 4 উইকেটৰ সহায়েৰে 17 ৰাণত পৰাস্ত কৰিছিল টুৰ্ণামেণ্টখনৰ ফেভাৰিট দলটোক ৷ দেওবাৰে আন্তঃজাতিক মহিলা দিৱস বিশেষ খেলখনত 80000 দৰ্শকৰ সমুখত অষ্ট্ৰলিয়াৰ সন্মুখীন হৈছে ভাৰত ৷
প্ৰথমবাৰৰ বাবে ফাইনেলত ভাৰত দ্বিতীয় মেচত চুবুৰীয়া দেশ বাংলাদেশক 18 ৰাণত পৰাস্ত কৰাৰ পাছত 3 ৰাণত নিউজিলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতীয় দলটোৱে ৷ নিউজিলেণ্ডৰ লগত হোৱা মেচখন ভাৰতৰ বাবে যথেষ্ট প্ৰত্য়াহ্বানমূলক আছিল যদিও স্পিনাৰৰ দূৰ্দান্ত প্ৰদৰ্শনেৰে খেলখনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰত ৷ গ্ৰুপৰ চতুৰ্থখন মেচত শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰি জয়ৰ ধাৰাবাহিকতা বজাই ৰাখিছিল ভাৰতীয় দলটোৱে ৷
ফাইনেলক লৈ দুই দেশৰ প্ৰধানমন্ত্ৰীৰ টুইট লক্ষ্যণীয় যে , প্ৰত্যেকখন মেচতেই ভাৰতে লাভ কৰিছিল এজন মেচ উইনাৰ ৷ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল 16 বছৰীয়া শ্বাফালী বাৰ্মাই ৷ শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বোচ্চ 47 ৰাণৰ সহায়েৰে খেলুৱৈ গৰাকীয়ে সংগ্ৰহ কৰিছিল সৰ্বমুঠ 161 ৰাণ ৷ খেলুৱৈ গৰাকীৰ এই প্ৰদৰ্শনে তেঁওক সদ্যহতে উপনীত কৰাইছে আইচিচিৰ টি20 বেটিং ৰেংকিঙৰ প্ৰথম স্থানত ৷
অপ্ৰতিৰোধ্য ভাৰতৰ সমুখত বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া টুৰ্ণামেণ্টখনত সন্তোষজনক প্ৰদৰ্শন আগবঢ়াব পৰা নাই দুই অভিজ্ঞ খেলুৱৈ স্মৃতি মান্ধানা আৰু হৰমপ্ৰীত কৌৰে ৷ এই কথা নিশ্চিত যে , বিশ্বজয়ৰ খিতাপ জিনিবলৈ হ’লে এই দুইগৰাকী অভিজ্ঞ খেলুৱৈয়ে তেঁওলোকৰ প্ৰদৰ্শন উন্নত কৰিব লাগিব ৷ স্পীনাৰ পুনম যাদৱ আৰু ৰাধা যাদৱে নিজ প্ৰদৰ্শনেৰে প্ৰতিপক্ষক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে ৷ নিশ্চিতভাৱে এই দুই গৰাকী খেলুৱৈৰ প্ৰদৰ্শনৰ ওপৰত ফাইনেল মেচখন বহু পৰিমাণে নিৰ্ভৰ কৰিব ৷ গ্ৰুপ মেচত পৰাস্ত কৰিলেও চাৰিবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক নিজ দৰ্শকৰ সমুখত ফাইনেলত পৰাস্ত কৰাটো ভাৰতৰ বাবে সহজ নহ’ব ৷
80000 দৰ্শকৰ সমুখত অষ্ট্ৰেলিয়াৰে মুখামুখি হ’ব ভাৰত লগতে পঢ়কঃ অভয়াপুৰী মহাবিদ্যালয়ত “বিশ্ব নাৰী দিৱস” উদযাপন