স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ : আজি অনুষ্ঠিত হ'ব মহিলা টি-20 চেলেঞ্জৰ তৃতীয় মেচ ৷ মেচত অৱতীৰ্ণ হ'ব হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ছুপাৰন'ভাছ আৰু স্মৃতি মান্ধানা নেতৃত্বাধীন ট্ৰেইলব্লেজাৰছ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছুপাৰন'ভাছে ৷
ফাইনেলত প্ৰৱেশ কৰিবৰ বাবে ছুপাৰন'ভাছ দলে আজিৰ মেচত জয়ী হোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ উল্লেখ্য যে, মহিলা টি-20 চেলেঞ্জৰ ডিফেণ্ডিং চেম্পিয়ন ছুপাৰন'ভাছে টুৰ্ণামেন্টৰ প্ৰথমখন মেচত ভেল'চিটীৰ বিৰুদ্ধে পাঁচ উইকেটত পৰাস্ত হৈছিল ৷ আনহাতে, দ্বিতীয় মেচত ট্ৰেইলব্লেজাৰৰ বিৰুদ্ধে 9 উইকেটত পৰাস্ত হৈছিল ভেল'চিটী ৷
স্মৃতি মান্ধানাৰ ট্ৰেইলব্লেজাৰছেও ফাইনেলত স্থান দখলৰ বাবে ছুপাৰন'ভাছৰ বিৰুদ্ধে জয়ী হোৱাৰ চেষ্টা চলাব ৷
স্মৃতি :মই প্ৰথমে ফিল্ডিং কৰিব বিচাৰিছো ৷ মোৰ টছ ৰেকৰ্ড ভাল নহয় আৰু অন্তিমখন মেচতো ভাল নাছিল ৷ কিন্তু প্ৰথমে বলিং কৰিবলৈ পাই মই সুখী ৷ কালি আমি বিৰতি লাভ কৰিছিলো, পুৰুষৰ আইপিএল চালো আৰু আজিৰ মেচৰ বাবে সাজু হৈছো ৷ পূৰ্বৰ তুলনাত উইকেট ভাল হ'ব যেন অনুভৱ হৈছে ৷ আমি একেটা দলেৰেই মেচত অংশগ্ৰহণ কৰিম ৷