স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ :বুধবাৰে শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলা টি-20 চেলেঞ্জৰ প্ৰথমখন মেচত ভেল'চিটীৰ সন্মুখত 127 ৰাণৰ লক্ষ্য বান্ধি দিছে ছুপাৰন'ভাছে ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ভেল'চিটীয়ে ৷
প্ৰথমে বেটিং কৰি ছুপাৰন'ভাছে 8 উইকেট হেৰুৱাই 126 ৰাণ সংগ্ৰহ কৰে ৷ প্ৰিয়া পুনিয়া আৰু চামাৰি আট্টাপাট্টুয়ে দলক ভাল আৰম্ভণি প্ৰদান কৰে ৷ আট্টাপাট্টুয়ে 39 টা বলত 44 ৰাণৰ ইনিংছ গঢ়ে ৷ তেওঁ দুটা চাৰি আৰু দুটা ছয় কোবায় ৷ প্ৰিয়াই 11 ৰাণ কৰি লেইগ কাছপেৰেকৰ হাতত উইকেট হেৰুৱায় ৷
জেমিমা ৰড্ৰিগাছে কেৱল সাত ৰাণ কৰাৰ পৰিৱৰ্তে অধিনায়ক হৰমনপ্ৰীত কৌৰে 27 টা বলত 31 ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু পূজা বস্ত্ৰকাৰে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয় ৷
ছুপাৰন'ভাছৰ লৱাৰ অৰ্ডাৰ সম্পূৰ্ণৰূপে অসফল হয় ৷ শশীকালা চিৰিৱাৰ্ডেনে 18 ৰাণ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে ৰাধা যাদৱে 2 আৰু ছাকেৰা ছেলমানে 5 ৰাণ সংগ্ৰহ কৰে ৷