স্পৰ্টছ ডেস্ক, 3 জুনঃআইচিচিৰ বলত থু লগোৱা নিষেধাজ্ঞ সন্দৰ্ভত মঙলবাৰে ভাৰতীয় দ্ৰুত বেগী বলাৰ মহম্মদ শ্বামীৰ এক গুৰুত্বপূৰ্ণ মন্তব্য় । আইচিচিৰ বলত থু লগোৱা নিষিদ্ধ কৰাৰ পাচতো বল চুইং কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে শ্বামীয়ে । কেৱল বলটোৰ উজ্বলতা বৰ্তাই ৰাখিব লাগিব বুলি কয় খেলুৱৈগৰাকীয়ে ।
কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আইচিচচিয়ে কৰ'ণা ভাইৰাছৰ পিচত অনুষ্ঠিত হ'বলগীয়া মেচ সমূহত বলত থু অথবা চালাইভা লগোৱাত নিষেধাজ্ঞা জাৰি কৰিছে । এই সন্দৰ্ভত বহু ক্ৰিকেটাৰে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কাৰণ বলৰ চুইং লাভৰ বাবে বলাৰৰ কাৰণে এইয়া আছিল এক প্ৰমুখ্য অস্ত্ৰ স্বৰূপ ।
কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত এক বাৰ্তালাপত শ্বামীয়ে কৈছে, কষ্টকৰ হ'ব । সৰুৰ পৰাই আমি থু ব্যৱহাৰৰ অভ্যস্ত হৈ পৰিছো । যদি আপুনি এজন বেগীবলাৰ তেন্তে বলত থু ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । কিন্তু হয়, যদি আপুনি শুকান বলৰ উজ্বলতা বৰ্তাই ৰাখিব পাৰে তেন্তে নিশ্চিত ৰূপত ৰিভাৰ্ছ চুইং লাভ কৰিবলৈ সক্ষম হ'ব ।