স্পৰ্টছ ডেস্ক, 6 জুনঃCOVID-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে 8 জুলাইৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল ৱেষ্ট ইণ্ডিজৰ তিনি ক্ৰিকেটাৰ ডেৰেন ব্ৰেভ', শিমৰণ হেটমেয়াৰ আৰু কিম' পলে। শেহতীয়াকৈ এই সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ৱেষ্ট ইণ্ডিজ ক্ৰিকেটাৰ মাইকেল হল্ডিঙে ।
এক ইউটিউব চেনেলত তেওঁ কয়, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটৰ দৃষ্টিভংগীৰে এইয়া দুৰ্ভাগ্য়জনক । মই কাকো ক'ব নোৱাৰে COVID-১৯ ৰ সময়ত ইংলেণ্ড লৈ ভ্ৰমণ কৰাৰ কথা, কোনোৱা বেমাৰ হ'ব পাৰে বা তাতোকৈ কিবা বেছি অঘটন হ'ব পাৰে ।
কিন্তু একে সময়তে মই ভাৱে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ বাবে দুৰ্ভাগ্যপূৰ্ণ কথা । এই খেলুৱৈ সকল যথেষ্ট প্ৰতিভাসম্পন্ন । তেওঁলোকৰ অনুপস্থিতি দলটোৱে অনুভৱ কৰিব । আনহাতে তেওঁলোকৰ সিদ্ধান্তক সন্মান জনাব লাগে বুলিও উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।