স্পৰ্টছ ডেস্ক, 16 জুনঃ পাকিস্তানৰ অলৰাউণ্ডাৰ খেলুৱৈ মহম্মদ হাফিজৰ কেৰিয়াৰক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য় । টি-20 বিশ্বকাপ আগন্তুক বৰ্ষলৈ স্থগিত হ'লেও অপেক্ষা নকৰাৰ কথা উল্লেখ কৰিলে খেলুৱৈগৰাকীয়ে ।
সোমবাৰে খেলুৱৈগৰাকীয়ে কয়, অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপত পাকিস্তান দলক খিতাপ জয় কৰাত সহায় কৰাৰ ইচ্ছা খেলুৱৈগৰাকীৰ । লগতে তেওঁ আৰু ছয়েব মলিকৰ দৰে জেষ্ঠ খেলুৱৈক যুৱ খেলুৱৈৰ বাবে স্থান এৰি দিব লাগে বুলি ৰমীজ ৰাজাৰ দ্বাৰা কৰা মন্তব্য়ক লৈ চিন্তিত নহয় বুলিও উল্লেখ কৰে হাফিজে ।
তেওঁ কয়, মোৰ পৰিকল্পনা আছিল টি-20 বিশ্বকাপৰ পাচত অৱসৰ ঘোষণা কৰা । মই সদায় দলত বৰ্তি থাকিবলৈ ফিটনেছৰ প্ৰয়োজনীয়াতা সমূহ পূৰণ কৰিবলৈ সক্ষম হৈছো । টি-20 বিশ্বকাপ আয়োজনৰ বাবে মই অপেক্ষা কৰিম আৰু নিজকে ফিট ৰখাৰ লগতে সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে সাজু ৰাখিম । এক ভিডিঅ' কনফাৰেন্সত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰে হাফিজে ।
আনহাতে টি-২০ বিশ্বকাপ স্থগিত হ'লেও নিজকে উপলব্ধ ৰাখিম বুলি কয় 39 বছৰীয়া খেলুৱৈগৰাকীয়ে । খেলুৱৈগৰাকীৰ সপোন হৈছে পাকিস্তানৰ বাবে বিশ্বকাপ জয় কৰা আৰু তাৰ পাচত অৱসৰ গ্ৰহণ কৰা ।