অসম

assam

By

Published : May 4, 2020, 2:23 PM IST

ETV Bharat / sports

আজি ৰোহিত য'ত আছে, তাৰ আঁৰত ধোনী : গম্ভীৰ

এজন খেলুৱৈৰ পৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন লাভ কৰিবলৈ অধিনায়কৰ অৱদান যথেষ্ট । অধিনায়কৰ সমৰ্থনৰ কথা উল্লেখ কৰি বৰ্তমানৰ ৰোহিত শৰ্মাৰ আঁৰত ধোনীৰ অৱদান আছে বুলি উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে । লগতে বৰ্তমানৰ যুৱ খেলুৱৈ সকলৰ প্ৰতিভা বিকাশত ধোনীৰ দৰে বিৰাট, ৰোহিতক কাম কৰাৰ আহ্বান গম্ভীৰৰ ।

Where Rohit Sharma is today, it is because of M.S. Dhoni, Gambhir
Where Rohit Sharma is today, it is because of M.S. Dhoni, Gambhir

স্পৰ্টছ ডেস্ক, ৪ মে':সাম্প্ৰতিক সময়ত সীমিত অভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেনৰ ভিতৰত অন্যতম নাম হৈছে হিটমেন ৰোহিত শৰ্মা । সীমিত অভাৰৰ ক্ৰিকেটত ৰোহিত শৰ্মাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ আঁৰত প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অৱদান আছে বুলি কয় প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে ।

২০০৭ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল ৰোহিত শৰ্মাৰ । সেই সময়ত ভাৰতীয় দলৰ মধ্যক্ৰমত বেটিং কৰিছিল ৰোহিত শৰ্মাই । কিন্তু সেইজন ধোনীয়ে আছিল যিয়ে ৰোহিতৰ ভিতৰত থকা প্ৰতিভাক বুজি উঠি ২০১৩ চনত অ'পেনাৰৰ ভূমিকা প্ৰদান কৰিছিল । বৰ্তমান বিশ্ব ক্ৰিকেটৰ এজন আগশাৰীৰ বিধ্বংসী বেটছমেন হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা । ৰোহিত শৰ্মাই আজি যিখিনি লাভ কৰিছে বা য'ত আছে তাৰ মূল কাৰণেই হৈছে মহেন্দ্ৰ সিং ধোনী বুলি কয় গম্ভীৰে ।

আজি ৰোহিত য'ত আছে, তাৰ আঁৰত ধোনী : গম্ভীৰ

গম্ভীৰে লগতে কয়, খেলুৱৈয়ে দলৰ নিৰ্বাচক মণ্ডলী, টীম মেনেজমেণ্টৰ সৈতে কথা পাতিব পাৰে । কিন্তু যদি দলৰ অধিনায়কৰ পৰা খেলুৱৈয়ে সমৰ্থন লাভ নকৰে তেন্তে সকলো অথলে যায় । সকলো অধিনায়কৰ হাতত নিৰ্ভৰ কৰে । ৰোহিতক যি দৰে ধোনীয়ে বহু সময় ধৰি সমৰ্থন আগবঢ়াইছে, মোৰ বোধে অন্য কোনো খেলুৱৈয়ে তেনেকৈ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই ।

আনহাতে বৰ্তমানৰ যুৱ খেলুৱৈ সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো বিৰাট কোহলি, ৰোহিত শৰ্মাই ধোনীৰ দৰে কাম কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে গম্ভীৰে । ৰোহিত শৰ্মাৰ উদাহৰণ দাঙি ধৰি শুভমন গীল, সঞ্জু ছেমছনৰ দৰে খেলুৱৈক তেনে সমৰ্থন দিয়াৰ প্ৰয়োজন বুলি কয় গৌতম গম্ভীৰে ।

বৰ্তমান এই কাম দলৰ জেষ্ঠ খেলুৱৈ হিচাপে ৰোহিত শৰ্মাৰ লগতে অধিনায়ক বিৰাট কোহলিয়ে কৰিব লাগে বুলি মন্তব্য কৰে গম্ভীৰে । ৰোহিত দলত নাথাকিলেও ধোনীয়ে কেতিয়াও ৰোহিতক আঁতৰ কৰি দিয়া নাছিল বুলিও উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰ গম্ভীৰে ।

ABOUT THE AUTHOR

...view details