স্পৰ্টছ ডেস্ক, 30 মে':COVID-১৯ ৰ পাচত ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাক লৈ সন্মতি প্ৰদান ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ । ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ড আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ চিকিৎসকৰ এটা দলৰ সৈতে দীৰ্ঘ সময়লৈ চলা এক বৈঠকৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । জুলাই মাহত অনুষ্ঠিত হ'ব তিনিখন মেচৰ টেষ্ট শৃংখলা । ইয়াৰ পূৰ্বে জুন মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল এই দ্বিপক্ষীয় শৃংখলাখন ।
ক্ৰিকেট ৱেষ্ট ইণ্ডিজে এক বিবৃতি প্ৰদান কৰি কৈছে যে, এই ভ্ৰমণকালত ইংলেণ্ডত সকলো খেলুৱৈ আৰু ষ্টাফ কৰ্মীক বায়'-সুৰক্ষা পৰিৱেশত ৰখা হ'ব । আনহাতে দৰ্শক বিহীন ভাৱে আয়োজন কৰা হ'ব এই শৃংখলা ।