অসম

assam

দ্ৰাৱিড়ৰ অধিনায়কত্বৰ বাবে আমি তেওঁক অধিক কৃতিত্ব প্ৰদান কৰা নাই : গম্ভীৰ

By

Published : Jun 22, 2020, 8:16 PM IST

ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাৱিড় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে । গম্ভীৰৰ মতে, ৰাহুল দ্ৰাৱিড়ৰ অধিনায়কত্বৰ বাবে তেওঁক যিমান কৃতিত্ব দিব লাগিছিল সিমান দিয়া নহ'ল । সেয়া এক দুৰ্ভাগ্য়জনক বুলি উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাগৰাকীয়ে ।

we dont give rahul dravid enough credit for his captaincy former indian opener gautam gambhir

স্পৰ্টছ ডেস্ক, 22 জুনঃ এক ক্ৰিকেট কাৰ্যক্ৰমত প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাৱিড়কলৈ গুৰুত্বপূৰ্ণ মন্তব্য় । ৰাহুল দ্ৰাৱিড়ৰ পৰিসংখ্য়াৰ পৰাই জনা যায় যে, তেওঁ কিমান আণ্ডাৰৰেটেত খেলুৱৈ আৰু আণ্ডাৰৰেটেত এজন অধিনায়ক বুলি উল্লেখ কৰে গৌতম গম্ভীৰে ।

গম্ভীৰে কয়, মই মোৰ এদিনীয়া ক্ৰিকেটত সৌৰভ গাংগুলীৰ নেতৃত্বত আৰু টেষ্ট ক্ৰিকেটত ৰাহুল দ্ৰাৱিড়ৰ নেতৃত্বত অভিষেক কৰিছিলো । এইয়া অতিকৈ দুৰ্ভাগ্যজনক যে, আমি দ্ৰাৱিড়ক অধিনায়ক হিচাপে অধিক কৃতিত্ব প্ৰদান নকৰো । আমি কেৱল সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনীৰ কথা আলোচনা কৰো । এতিয়া আমি বিৰাট কোহলিৰ প্ৰসংগ উত্থাপন কৰো । কিন্তু ৰাহুল দ্ৰাৱিড়ো ভাৰতীয় দলৰ এজন সুন্দৰ অধিনায়ক আছিল ।

তেওঁৰ পৰিসংখ্যাৰ পৰাই অনুমান কৰিব পাৰি যে, তেওঁ কিমান আণ্ডাৰৰেটেত খেলুৱৈ আৰু অণ্ডাৰৰেটেত অধিনায়ক আছিল । তেওঁৰ নেতৃত্বতেই ভাৰতে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ ভূমিত বিজয়ী হোৱাৰ লগতে ধাৰাবাহিক 14 অথবা 15 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ।

দ্ৰাৱিড়ৰ অধিনায়কত্বৰ বাবে আমি তেওঁক অধিক কৃতিত্ব প্ৰদান কৰা নাই : গম্ভীৰ

গম্ভীৰে লগতে কয়, এজন ক্ৰিকেটাৰ হিচাপে তেওঁক টেষ্ট ক্ৰিকেটত অ'পেন কৰিবলৈ কোৱা হৈছিল, তেওঁ কৰিছিল । তৃতীয় নম্বৰত খেলিবলৈ কোৱা হৈছিল, তেওঁ খেলিছিল । তেওঁক উইকেটকিপীঙৰ দায়িত্বও দিয়া হৈছিল, তেওঁ সেইয়াও গ্ৰহণ কৰিছিল । আনকি তেওঁক এজন ফিনিচাৰৰ ভূমিকা পালন কৰিবলৈ কোৱা হৈছিল, তেওঁ সেইয়াও কৰিছিল । তেওঁক যি যি কোৱা হৈছে তেওঁ সকলো কৰিছে । সেয়ে তেওঁ এজন উপযুক্ত আদৰ্শ খেলুৱৈ । মোৰ মতে তেওঁৰ প্ৰভাৱ যথেষ্ট বেছি আছিল বুলি উল্লেখ কৰে গম্ভীৰে ।

গম্ভীৰে ইয়াৰ ওপৰি কয় যে, সৌৰভ গাংগুলী এজন ফ্লেমবয়েণ্ট (flamboyant) আছিল, যাৰ বাবে এদিনীয়া ক্ৰিকেটত তেওঁৰ প্ৰভাৱ বেছি আছিল । যদি সকলো চোৱা যায় তেন্তে দ্ৰাৱিড়ৰ প্ৰভাৱ অধিক আছিল । দ্ৰাৱিড়ৰ প্ৰভাৱৰ তুলনা শচীন তেণ্ডুলকাৰৰ দৰে খেলুৱৈৰ সৈতে কৰিব পাৰি । যিয়ে সম্পূৰ্ণ জীৱন শচীনৰ চত্ৰ-ছায়াতে খেলিছে কিন্তু প্ৰভাৱৰ ক্ষেত্ৰত সম-পৰ্যায়ৰ আছিল ।

ABOUT THE AUTHOR

...view details