অসম

assam

ETV Bharat / sports

শতকৰ বাবে নহয়, কিহৰ বাবে দ্ৰাৱিড়ে লাভ কৰিছিল ‘ষ্টেনডিং অৱেছন’

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডেৰ মাজত চলি থকা টেষ্ট মেচৰ এটা ঘটনাই ক্ৰীড়াপ্ৰেমীৰ মনলৈ আনিলে ৰাহুল দ্ৰাৱিড়ৰ কথা ৷ কি হৈছিল মেচখনত আৰু কিয় ক্ৰীড়াপ্ৰেমীয়ে মনত পেলালে দ্ৰাৱিড়ক চাওক...

When Dravid got 'standing ovation' for getting off the mark
When Dravid got 'standing ovation' for getting off the mark

By

Published : Jan 4, 2020, 11:33 AM IST

স্পৰ্টছ ডেস্ক, 4 জানুৱাৰীঃ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা তৃতীয়খন টেষ্ট মেচৰ প্ৰথম দিনা সংঘটিত হৈছিল এক আমোদজনক ঘটনা ৷ প্ৰথম দিনা বেটিং কৰিবলৈ আহি অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান খেলুৱৈ ষ্টিভ স্মিথেবেটৰ সৈতে কৰিব লগা হৈছিল যথেষ্ট সংঘৰ্ষ ৷ স্মিথক নিজৰ ইনিংছৰ প্ৰথমটো ৰান কৰিবলৈ প্ৰয়োজন হৈছিল 39 টা বলৰ ৷ যেতিয়াই এই এক ৰান কৰিবলৈ সক্ষম হৈছিল স্মিথ তেতিয়াই ষ্টেডিয়ামত বহি থকা সকলো দৰ্শকে থিয় হৈ অভিনন্দন জনাইছিল খেলুৱৈগৰাকীক ৷

2008 চনত অষ্ট্ৰেলিয়া বনাম ভাৰত

এই ঘটনাই পুনৰবাৰ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত হোৱা এক পূৰ্বৰ ইতিহাস ৰোমন্থন কৰালে সকলোকে ৷ দৰাচলতে, এইখন ষ্টেডিয়ামতেই 2008চনত অষ্ট্ৰেলিয়াআৰু ভাৰতৰমাজত চলি থকা এখন টেষ্ট মেচত 1 ৰান কৰিবলৈ ৰাহুল দ্ৰাৱিড়ে লৈছিল 40 টা বলৰ সহায় ৷ খেলুৱৈগৰাকীয়ে ব্যক্তিগত 18 ৰান কৰি থকা সময়ত এই ঘটনা সংঘটিত হৈছিল ৷

ষ্টিভ স্মিথ

দ্ৰাৱিড়ে যেতিয়া 19 ৰানত উপনীত হৈছিল তেতিয়া ষ্টেডিয়ামৰ সকলোৱে তেওঁক থিয় হয় অভিনন্দন জ্ঞাপন কৰিছিল ৷ যিটোৱে সকলোকে খন্তেক সময়ৰ বাবে মেচখনত আমোদ প্ৰদান কৰিছিল আৰু তেনে এক অনুৰূপ ঘটনাই শুকুৰবাৰে সংঘটিত হৈছিল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত চলি থকা তৃতীয়খন টেষ্টত ৷

ABOUT THE AUTHOR

...view details