স্পৰ্টছ ডেস্ক, 19 ফেব্ৰুৱাৰী :বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আইপিএল, 2021 ৰ নিলামত প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছ দলে ৷ এই সম্পৰ্কত অৰ্জুনে মন্তব্য কৰে যে, তেওঁ শিশুকালৰ পৰাই মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী ৷
মুম্বাই ইণ্ডিয়ানছে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা এক ভিডিঅ'ত অৰ্জুনে কয়, "শিশুকালৰ পৰাই মই মুম্বাই ইণ্ডিয়ানছ দলৰ অনুৰাগী ৷ মোৰ ওপৰত বিশ্বাস ৰখা বাবে মই প্ৰশিক্ষকসকল, দলৰ স্বত্বাধিকাৰী আৰু ষ্টাফক ধন্যবাদ জনাব বিচাৰিছো ৷ মই মুম্বাই পল্টনত যোগ দিবলৈ অধিৰ আগ্ৰহেৰে বাট চাইছো ৷"
উল্লেখ্য যে, বৃহস্পতিবাৰৰ নিলামত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে অৰ্জুনৰ উপৰি ক্ৰয় কৰে নাথান কল্টাৰ নাইল, জিমী নিছাম, য়ুধবীৰ চাৰাক, মাৰ্ক' জেনছেন আৰু পিয়ুশ চাওলাক ৷ মুম্বাই দলে অৰ্জুনক 20 লাখ টকাত ক্ৰয় কৰে ৷