অসম

assam

ETV Bharat / sports

আইপিএলত বৰ্ণ বৈষম্যৰ বিস্ফোৰক অভিযোগ ৱেষ্ট ইণ্ডিজ খেলুৱৈ ডেৰেণ ছেমীৰ

আইপিএলত বৰ্ণ বৈষম্যৰ সন্মুখীন হোৱাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ডেৰেণ ছেমীয়ে । ছানৰাইজাৰ্জ হায়দৰাবাদ কেম্পত তেওঁক "কালু" বুলি মতা হৈছিল । এক ভিডিঅ' যোগে এই কথা উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে ।

By

Published : Jun 9, 2020, 3:34 PM IST

Updated : Jun 9, 2020, 4:50 PM IST

WATCH: Darren Sammy alleges racism within Sunrisers Hyderabad camp
WATCH: Darren Sammy alleges racism within Sunrisers Hyderabad camp

স্পৰ্টছ ডেস্ক, 9 জুন: আইপিএলত বৰ্ণ বৈষম্যকলৈ শেহতীয়াকৈ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ ডেৰেণ ছেমীয়ে । এক ভিডিঅ' যোগে এই অভিযোগ উত্থাপন কৰিছে খেলুৱৈগৰাকীয়ে । আইপিএলত ছাইৰাইজাৰ্ছ হায়দৰাবাদ দলত থকাৰ সময়ত তেওঁক কালু নামেৰে অভিহত কৰা হৈছিল বুলি উল্লেখ কৰে ক্ৰিকেটাৰগৰাকীয়ে । যোৱা সপ্তাহত এই শব্দৰ অৰ্থ বুজি পাই ক্ষোভিত হৈ পৰিছিল খেলুৱৈগৰাকী ।

ইয়াৰ লগতে তেওঁ কয় কেৱল তেওঁৰ লগতে নহয় শ্ৰীলংকাৰ খেলুৱৈ থিছাৰা পেৰাৰাকো এই নামেৰেই অভিহত কৰা হৈছিল বুলিও আন বিস্ফোৰক অভিযোগ উত্থাপন কৰে ।

আইপিএলত বৰ্ণ বৈষম্যৰ বিস্ফোৰক অভিযোগ ৱেষ্ট ইণ্ডিজ খেলুৱৈ ছেমীৰ

তেওঁ কয়, মই বিশ্বৰ বিভিন্ন স্থানত খেলিছো । বহুলোকে আমাক মৰম-চেনেহ কৰিছে । আমি য'তেই খেলিছো তাৰেই সমস্ত ড্ৰেছিং ৰুমৰ পৰিৱেশ গ্ৰহণ কৰিছো । কিছুলোকে তেওঁলোকৰ সংস্কৃতিত ক'লা বৰণৰ লোকক কেনেকৈ বৰ্ণনা কৰে মই হাছান মিনহাজক শুনিছো বুলি কয় । ইনষ্টাগ্ৰাম প'ষ্টত দিয়া এক ভিডিঅ'ত এই কথা উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে ।

অৱশ্য়ে তেওঁ এইটো সকলো লোকৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য নহয় বুলিও উল্লেখ কৰে । সেয়ে মই এটা নিশ্চিত শব্দৰ অৰ্থ জানিবলৈ পায়, মই কৈছিলো যে সেই অৰ্থ জনাৰ পাচত মোৰ খং উঠিছিল আৰু সেইটা অপমানজনক আছিল । মোৰ মনত আছে যেতিয়া মই ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলিছিলো তেতিয়া মোক এই একে শব্দৰে মতা হৈছিল যিটো ক'লা বৰণ লোকৰ বাবে অপমানজনক শব্দ আছিল । সেই সময়ত তাৰ অৰ্থ মই বুজি পোৱা নাছিলো আৰু সেই নামেৰে মতাৰ সময়ত সতীৰ্থ খেলুৱৈ সকলে হাঁহিছিল বুলিও মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ।

জৰ্জ ফ্লয়ডৰ হত্যাক তীব্ৰ ভাষাৰে নিন্দা কৰি প্ৰতিবাদকাৰীৰ সমৰ্থনত নামিছে খেলুৱৈগৰাকী । আনহাতে ক্ৰিকেটত বৰ্ণ বৈষম্য পৰিহাৰ কৰিবলৈ আইচিচি আৰু অন্যান্য ক্ৰিকেট ব'ৰ্ডক আহ্বান জনাইছে ছেমীয়ে ।

লগতে পঢ়কঃ শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলিৰ দাবীৰে যোৰহাটত অনশন

Last Updated : Jun 9, 2020, 4:50 PM IST

ABOUT THE AUTHOR

...view details