স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা আগন্তুক টি-20 ছিৰিজত ব্যতিক্ৰমী ৰূপত আত্মপ্ৰকাশ কৰিব অষ্ট্ৰেলিয়ান ক্ৰিকেট দলে ৷ দলটোৱে পৰিধান কৰিব আদিবাসী শিল্পকলা খচিত জাৰ্ছী ৷ সদা পৰিহিত সেউজীয়া আৰু সোণ বৰণীয়া জাৰ্ছীৰ পৰিৱৰ্তে দলৰ খেলুৱৈসকলে পৰিধান কৰিব দেশখনৰ আদিবাসী লোকসকলৰ আদিবাসী শিল্পখচিত জাৰ্ছী ৷
ব্যতিক্ৰমী ৰূপত দেখা যাব অষ্ট্ৰেলিয়া দলক এই জাৰ্ছী পৰিধান কৰা সম্পৰ্কত অষ্ট্ৰেলিয়ান ফাষ্ট বলাৰ মিটচেল ষ্টাৰ্কে কয় যে, এই ডিজাইনৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ইতিহাস বিশ্ববাসীৰ সন্মুখত প্ৰতিনিধিত্ব কৰিবলৈ পাই তেওঁ সঁচাকৈ গৌৰৱাম্বিত ৷
1868 চনত এটা আদিবাসী ক্ৰিকেট দলে সাগৰেৰে অষ্ট্ৰেলিয়াৰ পৰা গ্ৰেট ব্ৰিটেইনলৈ তিনিমাহৰ ভ্ৰমণত গৈছিল ৷ এই দলটোৱে বিশ্বৰ কেইখনমান খ্যাতনামা ক্ৰিকেট গ্ৰাউণ্ডত 47 খনকৈ মেচত অংশগ্ৰহণ কৰিছিল ৷
জাৰ্ছীটোত থকা শিল্পকলাই আদিবাসী ক্ৰিকেটাৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক প্ৰকাশ কৰাৰ লগতে ডাঙৰ চক্ৰকেইটাই লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড আৰু সৰু চক্ৰকেইটাই সেই ভ্ৰমণত দলটোয়ে বিভিন্ন ঠাইত সন্মিলিত হোৱা ঠাইসমূহক সূচাইছে ৷
লগতে পঢ়ক :ভাৰত বনাম অষ্ট্ৰেলিয়াঃ বিৰাট কোহলীৰ অনুপস্থিতিয়ে কোনটো চেনেলক ক্ষতি কৰিব ?