স্পৰ্টছ ডেস্ক, 29 জুনঃ আই চি চি বিশ্বকাপত আৰম্ভ হৈছে ছেমিফাইনেলত স্থান লাভৰ মহাযুঁজ ৷ 36 সংখ্য়ক মেচত আফগানিস্তানৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হৈছে পাকিস্তান ৷ এই মেচখনৰ পূৰ্বে প্ৰাক্তন ক্ৰিকেটাৰ ছয়েব আখতাৰৰ বিতৰ্কিত মন্তব্য ৷ ছয়েব আখতাৰৰ মতে আফগানিস্তান দলটোৰ যদি প্ৰতিজন খেলুৱৈৰ পৰীক্ষা কৰা হয় তেন্তে 90 শতাংতকৈ অধিক খেলুৱৈ পাকিস্তানৰ পেশ্বাৱৰৰ ওলাব ৷ সেয়ে এই দলটোক নিষিদ্ধ ঘোষণাও কৰিব পাৰি বুলি এক বিতৰ্কিত মন্তব্য কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷
আফগানিস্তান দলক নিষিদ্ধ কৰিব পাৰিঃ আখতাৰ - পাকিস্তানৰ প্ৰাক্তন খেলুৱৈ
আফগানিস্তান ক্ৰিকেট দলকলৈ পাকিস্তানৰ প্ৰাক্তন খেলুৱৈৰ ছয়েব আখতাৰৰ বিতৰ্কিত মন্তব্য ৷ আফগানিস্তান দলটোক নিষিদ্ধ কৰিব পাৰি বুলি উল্লেখ কৰিলে আখতাৰে ৷
আফগানিস্তান দলক নিষিদ্ধ কৰিব পাৰিঃ আখতাৰ
ইয়াৰ লগতে ভাৰত আৰু পাকিস্তানে পুনৰ ছেমিফাইনেলত মুখামুখি হ’ব বুলি কয় আখতাৰে ৷ লীগ মেচৰ অন্তত ভাৰতে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে পাকিস্তানে চতুৰ্থ স্থান লাভ কৰিলে এই সম্ভৱ বুলি উল্লেখ কৰে ছয়েব আখতাৰে ৷ উল্লেখ্য যে, নিউজিলেণ্ডক পৰাস্ত কৰি পাকিস্তান দলে নিজৰ ছেমিফাইনেলত স্থান লাভৰ আশা সজীৱ কৰি ৰাখিবলৈ সক্ষম হৈছিল ৷ শনিবাৰে আফগানিস্তানৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হৈছে পাকিস্তান ৷