স্পৰ্টছ ডেস্ক,22 ডিচেম্বৰ:মুম্বাইৰ এখন ক্লাৱত ক’ভিড 19ৰ প্ৰট’কল ভংগ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত মুখ খুলিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই ৷ সম্প্ৰতি ৰাজ্যখনত চলি থকা স্থানীয় সময় আৰু সান্ধ্য আইনৰ বিষয়ে অৱগত নোহোৱা বুলি মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৷
মুম্বাইত গ্ৰেপ্তাৰ সুৰেশ ৰাইনা উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা প্ৰায় 3 বজাত মুম্বাই বিমানবন্দৰৰ কাষৰ ড্ৰাগনফ্লাই ক্লাৱত গামদেৱী আৰু চাহাৰ আৰক্ষীয়ে যুটীয়াভাৱে তালাচী চলাইচিল ৷ এই তালাচীত ক্লাৱটোত ক’ভিড 19ৰ নিয়মাৱলী উলংঘা কৰি পাৰ্টী কৰাৰ অপৰাধত প্ৰায় 34 গৰাকীকৈ লোকক আটক কৰা হয় ৷ ইয়াৰ ভিতৰত আছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু কন্ঠশিল্পী গুৰু ৰন্ধাৱা ৷
মুম্বাইত গ্ৰেপ্তাৰ সুৰেশ ৰাইনা এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰে সুৰেশ ৰাইনাৰ মেনেজমেন্ট কোম্পানীয়ে ৷ এক বিবৃতিযোগে খেলুৱৈগৰাকীৰ মেনেজমেন্ট কোম্পানীয়ে কয়, "মুম্বাইত এটি শ্বুটৰ বাবে উপস্থিত হৈছে সুৰেশ ৷ শ্বুটৰ অন্তত দিল্লীলৈ উভতাৰ পূৰ্বে তেওঁক বন্ধুসকলে নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল ৷ তেঁও স্থানীয় সময় আৰু নিয়মাৱলী সন্দৰ্ভত অৱগত নাছিল ৷ এই বিষয়ে জনাৰ পিছতেই তেখেতে বিষয়ববীয়াৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবাঢ়াইছে আৰু এই অনাকংশিত পৰিস্থিতিৰ বাবে দুঃখ প্ৰকাশ কৰিছে ৷"
ৰাইনাৰ উপৰিও কন্ঠশিল্পী গুৰু ৰন্ধাৱা, সুজেন ৰোশন খান আদিও উপস্থিত আছিল এই অনুষ্ঠানত ৷ ইয়াৰ উপৰিও আন এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে ক্লাৱৰ পিছ দুৱাৰেদি পলাই যাবলৈ সক্ষম হয় ৷
লগতে পঢ়ক-ক’ভিড 19 প্ৰট’কল উলংঘাৰ অপৰাধত গ্ৰেপ্তাৰ সুৰেশ ৰাইনা আৰু গুৰু ৰন্ধাৱা