অসম

assam

ETV Bharat / sports

এই সময়ত বাতিল কৰিব লাগে বিজয় হাজাৰে, দিলীপ আৰু দেওধৰ ট্ৰফী : জাফৰ - ৱাছিম জাফৰৰ বিচিচিআইক পৰামৰ্শ

ভাৰতৰ প্ৰাক্তন খেলুৱৈ তথা ঘৰুৱা ক্ৰিকেটৰ মহান খেলুৱৈ ৱাছিম জাফৰৰ বিচিচিআইক গুৰুত্বপূৰ্ণ পৰামৰ্শ । COVID-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি বিজয় হাজাৰে, দিলীপ আৰু দেওধৰ ট্ৰফী এই সময়ত বাতিল কৰি ৰঞ্জী ট্ৰফী আৰু ছৈয়দ মুস্তাক আলী টি-20 আয়োজনৰ পৰামৰ্শ জাফৰৰ ।

wasim jaffer feels vijay hazare duleep and deodhar trophy should be scrapped this season
wasim jaffer feels vijay hazare duleep and deodhar trophy should be scrapped this season

By

Published : Jun 15, 2020, 6:19 PM IST

স্পৰ্টছ ডেস্ক, 15 জুনঃ আগন্তুক আগষ্ট মাহৰ পৰা ঘৰুৱা ক্ৰিকেট ছিজন আৰম্ভ হোৱাৰ সম্ভাৱনা কৰা হৈছিল যদিও দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছে পুনৰ কঢ়িয়াই আনিছে অনিশ্চয়তা ।

এই সন্দৰ্ভত এক সংবাদ গোষ্ঠীক সোমবাৰে প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম জাফৰে কয়, যেতিয়াই ছিজন আৰম্ভ হ'ব বিচিচিআইৰ প্ৰাথমিকতা হ'ব আইপিএল আয়োজন কৰা । জাফৰ মতে, বিচিচিআইয়ে প্ৰথম টুৰ্ণামেণ্ট হিচাপে আইপিএলৰ আয়োজন কৰিব পাৰে ।

উল্লেখ্য় যে, বিচিচিআইয়ে চেপ্তেম্বৰ-অক্টোবৰ মাহত আইপিএলৰ আয়োজনৰ বিচাৰ-বিবেচনা কৰি আছে । অৱশ্যে আইপিএলৰ ভৱিষ্য়ৎ বহু পৰিমাণে নিৰ্ভৰ কৰিব আগন্তুক সময়ত হ'বলগীয়া এছিয়া কাপ আৰু টি-20 বিশ্বকাপৰ আয়োজন হোৱা-নোহোৱাৰ ওপৰত ।

কিন্তু জাফৰৰ মতে, আইপিএলৰ পিচতেই বিচিচিআইয়ে ইৰাণী ট্ৰফীৰ আয়োজন কৰিব পাৰে । কাৰণ সৌৰাষ্ট্ৰ দলটোৱে পোন প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈ এই কাপ খেলাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোক এই প্ৰতিযোগিতা খেলাৰ অধিকাৰী । ইয়াৰ পাচেই বিচিচিআইয়ে ৰঞ্জী ট্ৰফীৰ আয়োজনৰ কথা চিন্তা কৰিব পাৰে বুলি কয় জাফৰে ।

আনহাতে আগন্তুক আইপিএল নিলামীৰ পূৰ্বে ছৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট আয়োজন কৰিব লাগে বুলি কয় জাফৰে । ইপিনে বিচিচিআইক বিজয় হাজাৰে, দিলীপ ট্ৰফী, দেওধৰ ট্ৰফী এই ছিজনত বাতিল কৰি ৰঞ্জী আৰু আইপিএলত অধিক মনোনিৱেশ কৰিব লাগে যাতে খেলুৱৈও বিশ্ৰামৰ পৰ্যাপ্ত সময় লাভ কৰিবলৈ সক্ষম হয় বুলি মত পোষণ কৰে জেষ্ঠ খেলুৱৈগৰাকীয়ে ।

খৰখেদাকৈ সকলো টুৰ্ণামেণ্ট আয়োজন কৰাতকৈ খেলুৱৈ সকলক পৰ্যাপ্ত বিশ্ৰামৰ সুবিধা দি বিজয় হাজাৰে আৰু দিলীপ ট্ৰফীৰ সেই দুমাহ খেলুৱৈৰ বিশ্ৰামৰ বাবে ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায় জাফৰে । লগতে জুনিয়ৰ পৰ্যায়তো 23 বছৰ অনুৰ্ধ্ব আৰু 19 বছৰ অনুৰ্ধ্ব এদিনীয়া শৃংখলা সমূহ বাতিল কৰাৰ উপৰি ৰঞ্জী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰ্যায়ৰ মেচ সমূহ আৰু অধিক কঠিন কৰি তুলিব লাগে বুলি মন্তব্য প্ৰদান কৰে ভাৰতৰ প্ৰাক্তন খেলুৱৈ ৱাছিফ জাফৰে ।

ABOUT THE AUTHOR

...view details