স্পৰ্টছ ডেস্ক, 23 জুনঃভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অ'পেনিং বেটছেমন ৱাছিম জাফৰক আগন্তুক ৰঞ্জী ছিজনৰ বাবে উত্তৰাখণ্ড ৰঞ্জী দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । এক সংবাদ সংস্থাৰ আগত এই কথা স্বীকাৰ কৰি জাফৰে কয়, "হয়, মোক এবছৰৰ বাবে উত্তৰাখণ্ডৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত প্ৰদান কৰিছে ।"
উত্তৰাখণ্ড ৰঞ্জী দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি ৱাছিম জাফৰক প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে চলিত বৰ্ষৰ 7 মাৰ্চত 24 বছৰ ক্ৰিকেট কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰিছিল । ভাৰতৰ ঘৰুৱা ক্ৰিকেটত মহান খেলুৱৈৰ ভিতৰত অন্যতম হৈছে ৱাছিম জাফৰ ।
জাফৰে 260 খন প্ৰথম শ্ৰেণী ক্ৰিকেটত অংশ গ্ৰহণ কৰিছে । য'ত তেওঁৰ নামত আছে 19,410 ৰান । তেওঁৰ গড় ৰান হৈছে 50.67 ।
আনহাতে জাফৰে ভাৰতৰ হৈ 31 খন টেষ্ট আৰু দুখন এদিনীয়াত অংশগ্ৰহণ কৰিছিল । য'ত তেওঁৰ নামত আছে ক্ৰমে 1944 আৰু 10 ৰান । বিদৰ্ভৰ হৈ ৰঞ্জী ক্ৰিকেটত অংশগ্ৰহণ কৰা জাফৰে দলটোক দুবাৰকৈ ৰঞ্জী ট্ৰফীৰ খিতাপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাৰ পাচতেই জাফৰে কয়, মই অত্যন্ত সুখী আৰু উৎসাহিত হৈ আছো কাৰণ মুখ্য় প্ৰশিক্ষক হিচাপে এইটো মোৰ প্ৰথম কাৰ্যকাল হ'ব । মই তাত খেলুৱৈসকলৰ জীৱন আৰু কেৰিয়াৰ সলনি কৰাৰ চেষ্টা কৰিম । এইটো সুনিশ্চিত কৰিম যে খেলুৱৈ আৰু দলে শুধৰণি কৰিবলৈ সক্ষম হও । লগতে কয়, মোৰ বাবে জয়েই অপৰিহাৰ্য । গতিকে চেষ্টা কৰিম দলটোক জয়ৰ অভ্যাসলৈ পৰিৱৰ্তন কৰিবলৈ । যাতে তেওঁলোকে আগন্তুক ছীজনত ভাল কৰিবলৈ সক্ষম হয় ।
COVID-১৯ ৰ বাবে ৰঞ্জী ট্ৰফীৰ ওপৰতো অনিশ্চয়তা বৰ্তি আছে যদিও 42 বছৰীয়া খেলুৱৈগৰাকী ইয়াক লৈ যোগাত্মক দৃষ্টি উপনীত আছে ।
তেওঁ কয়, মই নাভাৱো এইটো সময় মতেই আৰম্ভ হ'ব । কিন্তু মই জানো যে, কেতিয়াবা নহয় কেতিয়াবা আৰম্ভ হ'ব । কোনেও এই সময়ৰ বিষয়ে ক'ব নোৱাৰিব । কিন্তু মই আশা কৰিছো এই বৰ্ষতেই আমি ঘৰুৱা ক্ৰিকেট খেলিবলৈ সক্ষম হ'ম ।