স্পৰ্টছ ডেস্ক, 7 মাৰ্চ:শনিবাৰে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা সন্ন্যাস ঘোষণা কৰিলে ক্ৰিকেটাৰ ৱাছিম জাফৰে ৷ 42 বছৰীয়া খেলুৱৈগৰাকীয়ে নিজৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হৈছিল 2008 চনত ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানপুৰত অনুষ্ঠিত হৈছিল মেচখন ৷ প্ৰথম শ্ৰেণী ক্ৰিকেটত জাফৰৰ নামত আছে 260 খন মেচত 19,410 ৰান ৷ বিদায় পৰত খেলুৱৈগৰাকীয়ে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাৱিড়, সৌৰভ গাংগুলী, অনিল কুম্বলে, ভিভিএছ লক্ষ্মণ, বীৰেন্দ্ৰ ছেহৱাগ আৰু মহেন্দ্ৰ সিং ধোনীৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰা সন্মানৰ কথা বুলি উল্লেখ কৰে ৷
সঞ্জয় মাঞ্জেৰকাৰ তেওঁৰ প্ৰথম অধিনায়ক আছিল ৷ আনহাতে মুম্বাই দলত শচীন, বিনোদ কাম্বলী, জাহিৰ খান, অমোল মুজুমদাৰ, নিশেল কুলকৰ্ণীৰ দৰে খেলুৱৈৰ লগত সময় অতিবাহিত কৰাটো সৌভাগ্য জনক বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷
জাফৰ 1996-97ৰ পৰা 2012-13 চনলৈ 8 বাৰৰ বাবে ৰঞ্জী ট্ৰফী খিতাপ জয় কৰা মুম্বাই দলৰ সদস্য আছিল ৷ আনহাতে ধাৰাবাহিক দ্বিতীয়বাৰৰ বাবে (2018 আৰু 2019) বিদৰ্ভক খিতাপ জয়তো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল খেলুৱৈগৰাকীয়ে ৷ বিগত ছীজনত 11খন মেচত 4 টা শতকেৰে 1037 ৰান কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ দ্বিতীয়খন মেচতেই তৃতীয় শতক অৰ্জন কৰি 2000 বৰ্ষত ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰিছিল জাফৰে ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 2000 চনত টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল ৱাছিম জাফৰৰ ৷ কিন্তু ইয়াৰ 6 বছৰ পাচত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল জাফৰে ৷
আনহাতে ৱাছিম জাফৰৰ নামত খোদিত আছে 150 খন ৰঞ্জী ট্ৰফী খেলাৰ অভিলেখ ৷ 150 খন মেচ খেলা প্ৰথমগৰাকী খেলুৱৈগৰাকী হৈছে ৱাছিম জাফৰ ৷ ৰঞ্জী ট্ৰফীত তেওঁৰ নামত আছে 12 হাজাৰ ৰান ৷
লগতে চাওক- কৰ’ণা ভাইৰাছৰ বাবে স্থগিত ISSF বিশ্বকাপ