স্পৰ্টছ ডেস্ক, ৪ এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ বাবে ধন সংগ্ৰহ কৰিবলৈ পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ৱাছিম আকৰাম আৰু ইংলেণ্ডৰ প্ৰাক্তন দ্ৰুততম বলাৰ ডেৰেন গফে নিজৰ পুৰণি দিনৰ বহু স্মৰণীয় সামগ্ৰী নিলাম কৰাৰ কথা কথা চিন্তা কৰিছে ।
কোভিড-১৯ঃ স্মৰণীয় সামগ্ৰী নিলামৰ সিদ্ধান্ত ৱাছিম আকৰাম, ডেৰেন গফৰ - ডেৰেন গফ
কোভিড-১৯ ৰ সাহাৰ্যৰ বাবে চেন্টাৰ ফৰ্ ডিজাষ্টাৰ ফিলেনট্ৰফীৰ হৈ গফ আৰু আকৰামে স্মৰণীয় সামগ্ৰী নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
![কোভিড-১৯ঃ স্মৰণীয় সামগ্ৰী নিলামৰ সিদ্ধান্ত ৱাছিম আকৰাম, ডেৰেন গফৰ Wasim Akram, Darren Gough to auction signed bat, ball for COVID-19 fundraising](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6657117-1107-6657117-1585991645662.jpg)
চেন্টাৰ ফৰ্ ডিজাষ্টাৰ ফিলেনট্ৰফীৰ হৈ গফ আৰু আকৰামে স্মৰণীয় সামগ্ৰী সমূহ নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আকৰম টেষ্ট আৰু এদিনীয়াত পাকিস্তানৰ হৈ সৰ্বাধিক উইকেট লোৱা খেলুৱৈ । ১০৪ খন টেষ্ট মেচত ৪১৪ টা উইকেট লোৱাৰ বিপৰীতে ৩৫৬ খন এদিনীয়াত তেওঁৰ নামত আছে ৫০২ টা উইকেট । তেওঁৰ দ্বাৰা স্বাক্ষৰিত এটা বেট আৰু বল নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
আনহাতে ইংলেণ্ডৰ হৈ এদিনীয়াত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হৈছে গফ । গফেও স্বাক্ষৰিত এটা বল নিলামৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে ইংলেণ্ডৰ জছ বাটলাৰে ২০১৯ বিশ্বকাপৰ জাৰ্ছী নিলাম কৰাৰ কথা প্ৰকাশ কৰিছে । অন্যান্য় বহু খেলুৱৈয়ে সহায়ৰ বাবে আগবাঢ়ি আহিছে এই সংকট কালৰ সময়ত ।