স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ: 29 মাৰ্চত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ উদ্বোধনী মেচ ৷ ঘৰুৱা খেলপথাৰত অৱতীৰ্ণ হ’ব মুম্বাই ইণ্ডিয়ানছ ৷ য’ত সন্মুখ সমৰত থাকিব দিল্লী কেপিটেলছ ৷ সংবাদমাধ্যমত এই কথা সদৰী কৰে দিল্লী কেপিটেলছ কৰ্তৃপক্ষই ৷
তাৎপৰ্যপূৰ্ণ কথা এই যে, ত্ৰয়োদশ আই পি এল সংস্কৰণৰ প্ৰথম কেইখনমান মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিদেশী খেলুৱৈ ৷ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবেই বিৰত থাকিব লাগিব এই দলৰ বিদেশী খেলুৱৈসকল ৷ 29 মাৰ্চত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত টি-20 শৃংখলা অনুষ্ঠিত হোৱাৰ বিপৰীতে 31 মাৰ্চৰ পৰা ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা ৷