অসম

assam

ETV Bharat / sports

ৰোহিত শৰ্মাক প্ৰশংসা ভি.ভি.এছ লক্ষ্মণৰ

ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰাক্তন ক্ৰিকেটাৰ লক্ষ্মণৰ । লক্ষ্মণৰ মতে, আইপিএলত ৰোহিত শৰ্মা সফলতম অধিনায়ক হিচাপে পৰিগণিত হোৱাৰ মুখ্যত কাৰণ হৈছে খেলুৱৈগৰাকীৰ কঠিন পৰিস্থিতিতো হেঁচা সহিব পৰা গুণ ।

VVS Laxman heaps praise on Rohit Sharma for his ability to lead under pressure
VVS Laxman heaps praise on Rohit Sharma for his ability to lead under pressure

By

Published : May 30, 2020, 1:26 PM IST

স্পৰ্টছ ডেস্ক, 30 মে': আইপিএলৰ সবাটোকৈ সফলতম অধিনায়ক হৈছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা । ৰোহিতৰ নেতৃত্বতেই মুম্বাই ইণ্ডিয়ানছ দলে চাৰিবাৰকৈ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় ক্ৰিকেটৰ সফলতম তথা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ধোনীতকৈও এটা বেছিকৈ আইপিএলৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ৰোহিত ।

এই সন্দৰ্ভত শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ভি.ভি.এছ লক্ষ্মণে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । লক্ষ্মণে কয়, ডেক্কান চাৰ্জাৰ্ছ দলত থকাৰ সময়ৰে পৰা ৰোহিতৰ নেতৃত্ব ল'ব পৰা গুণ আহি গৈছিল । যেতিয়া ৰোহিত আইপিএলৰ প্ৰথম বৰ্ষত আহিছিল সেই সময়ত তেওঁ এজন যুৱ খেলুৱৈ আছিল । তেতিয়া কেৱল টি-20 বিশ্বকাপ খেলি আহিছিল ৰোহিত আনহাতে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাও বেছি সময় হোৱা নাছিল ৰোহিতৰ ।

ৰোহিত শৰ্মাৰ নেতৃত্ব ল'ব পৰা গুণৰ প্ৰশংসা ভি.ভি.এছ লক্ষ্মণৰ

ইয়াৰ লগতে তেওঁ কয়, সেই সময়ত আমাৰ দলটোৱে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও ৰোহিতে সুন্দৰ প্ৰদৰ্শন কৰিছিল । মধ্য়ক্ৰমত তীব্ৰ মানসিক হেঁচাৰ মাজতো ৰোহিতে যেনেকৈ বেটিং কৰিছিল সেইয়া সঁচাকৈ প্ৰশংসনীয় আছিল ।

কঠিন পৰিস্থিতিত শান্ত মনেৰে পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা গুণৰ বাবেই আইপিএলত এজন সফল অধিনায়ক হিচাপে ৰোহিত পৰিগণিত হৈছে বুলি উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

ৰোহিতৰ নেতৃত্বেই মুম্বাই ইণ্ডিয়ানছে 2013, 2015, 2017 আৰু 2019বৰ্ষত আইপিএলৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য় যে, ৰোহিত বৰ্তমান আইপিএল ইতিহাসত সৰ্বাধিক ৰান কৰা তৃতীয়গৰাকী খেলুৱৈ । 188 খন মেচত 31.60 গড়ে 4898 ৰান কৰিবলৈ সক্ষম হৈছে । য'ত তেওঁৰ সৰ্বশ্ৰেষ্ট প্ৰদৰ্শন হৈছে 109 ৰান ।

ABOUT THE AUTHOR

...view details