স্পৰ্টছ ডেস্ক, ১১ মে': কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্মানত দেওবাৰে বিৰাট কোহলি আৰু জাহিৰ খানে নিজৰ নিজৰ টুইটাৰৰ প্ৰফাইল ফটো সলনি কৰি লগালে মহাৰাষ্ট্ৰ আৰক্ষীৰ প্ৰতিক চিহ্ন ।
বিৰাটে টুইট কৰি কয়, মহাৰাষ্ট্ৰ আৰক্ষীয়ে বিপৰ্যয়, আক্ৰমণ, দুৰ্যোগৰ মাজতো নাগৰিকৰ কাষত থিয় হৈ আছে । আজি তেওঁলোকে ৰাস্তাত থিয় হৈ কৰ'ণাৰ বিৰুদ্ধে যুদ্ধৰ নেতৃত্ব দি আছে । আমি এতিয়াই আমাৰ টুইটাৰৰ প্ৰফাইল ফটো সলনি কৰি মহাৰাষ্ট্ৰ আৰক্ষীৰ প্ৰতীক চিহ্ন লগাই তেওঁলোকৰ বাবে উদযাপন কৰাৰ সিদ্ধান্ত লৈছো । এই প্ৰয়াসত আমাৰ সৈতে সহযোগ কৰক ।
কোহলিৰ এই আহ্বানৰ পাচতেই জাহিৰ খানেও নিজৰ টুইটাৰৰ প্ৰফাইল ফটো সলনি কৰি মহাৰাষ্ট্ৰ আৰক্ষীৰ প্ৰতীক চিহ্ন লগোৱা পৰিলক্ষিত হয় ।
উল্লেখ্য় যে, মুম্বাই আৰক্ষীলৈ শনিবাৰে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল ।
মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে ৮৮ গৰাকী বিষয়া আৰু ৬৯৮ গৰাকী আৰক্ষী কৰ্মী COVID-19ত আক্ৰান্ত হৈছে । ইয়াৰে ১৩ গৰাকী বিষয়া আৰু ৬৩ গৰাকী কৰ্মীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানে মহাৰাষ্ট্ৰ আৰক্ষীত ৭০৩ টা সক্ৰিয় ঘটনা পঞ্জীকৃত হৈ আছে । ভাৰতৰ ভিতৰতেই আটাইতকৈ বেছি সংক্ৰমণ হোৱা ৰাজ্যখনেই হৈছে মহাৰাষ্ট্ৰ ।