স্পৰ্টছ ডেস্ক, 19 অক্টোবৰ: বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাত অৱতীৰ্ণ নহয় ভাৰতৰ অধিনায়ক বিৰাট কোহলি ৷ অত্যাধিক ক্ৰিকেটৰ বোজাৰ বাবেই বিৰাটক বিশ্ৰাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলীয় মেনেজমেন্টে ৷ যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণৰ (নৱেম্বৰ 2018) পৰাই একেৰাহে ক্ৰিকেট খেলি আহিছে কোহলিয়ে ৷ কেৱল জানুৱাৰী মাহত অতি কম দিনৰ বাবে বিশ্ৰাম গ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে ৷ যাৰ বাবে পুনৰ বিশ্ৰাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিৰাটক ৷
বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাত অৱতীৰ্ণ নহয় বিৰাট কোহলি - বাংলাদেশ
বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ টি-20 শৃংখলাত বিশ্ৰাম গ্ৰহণ কৰিব ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ অত্যাধিক বোজাৰ বাবেই এই সিদ্ধান্ত ভাৰতীয় ক্ৰিকেট মেনেজমেন্টৰ ৷
![বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাত অৱতীৰ্ণ নহয় বিৰাট কোহলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4807467-698-4807467-1571507131018.jpg)
বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাত অৱতীৰ্ণ নহয় বিৰাট কোহলি
এই শৃংখলাৰ বাবে অহা 24 অক্টোবৰত নিৰ্বাচন কৰা হ’ব ভাৰতীয় টি-20 দলৰ ৷ অৱশ্যে বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব বিৰাটে ৷ 3 নৱেম্বৰ পৰা আৰম্ভ হোৱা টি-20 শৃংখলাৰ প্ৰথমখন মেচ দিল্লীত, দ্বিতীয়খন 7 নৱেম্বৰত ৰাজকোটত আৰু অন্তিমখন মেচ 10 নৱেম্বৰত নাগপুৰত অনুষ্ঠিত হ’ব ৷
- লগতে চাওক-‘ইটিভি ভাৰত’ক প্ৰশংসা মিছ ইণ্ডিয়াৰ