অসম

assam

ETV Bharat / sports

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ দেশবাসীক আহ্বান জনালে বিৰাট কোহলীয়ে - ভাৰতত কোভিড-19ৰ প্ৰভাৱ

এক ভিডিঅ‘ মেছেজৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে 5 এপ্ৰিলৰ নিশা 9 বজাত সমগ্ৰ দেশবাসীক 9 মিনিটৰ বাবে লাইটসমূহ বন্ধ কৰি কেণ্ডেল আৰু চাকি জ্বলাবলৈ আহ্বান জনায় ৷ কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে দেশবাসীৰ সংঘবদ্ধ সংগ্ৰামখন প্ৰতিফলিত কৰিবলৈ দেশবাসীক এই আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ দেশবাসীক আহ্বান জনালে বিৰাট কোহলীয়ে
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ দেশবাসীক আহ্বান জনালে বিৰাট কোহলীয়ে

By

Published : Apr 5, 2020, 1:38 PM IST

নিউজ ডেস্ক, 5 এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে দেওবাৰে দেশবাসীক প্ৰধানমন্ত্ৰীৰ আহ্বান পালন কৰিবলৈ অনুৰোধ কৰে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱা এই কাৰ্যসূচী পালন কৰি দেশবাসীক 'spirit of India' প্ৰমাণ কৰিবলৈ আহ্বান জনায় বিৰাটে ৷

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ দেশবাসীক আহ্বান জনালে বিৰাট কোহলীয়ে

বিৰাট কোহলীয়ে এই সন্দৰ্ভত এক টুইট কৰি, সমগ্ৰ বিশ্বৰ আগত ভাৰতবাসীৰ একতা প্ৰমাণ কৰি দিবলৈ আহ্বান জনায় ৷

এক ভিডিঅ‘ মেছেজৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে 5 এপ্ৰিলৰ নিশা 9 বজাত সমগ্ৰ দেশবাসীক 9 মিনিটৰ বাবে লাইটসমূহ বন্ধ কৰি কেণ্ডেল আৰু চাকি জ্বলাবলৈ আহ্বান জনায় ৷ কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে দেশবাসীৰ সংঘবদ্ধ সংগ্ৰামখন প্ৰতিফলিত কৰিবলৈ দেশবাসীক এই আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

দেশৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতত সৰ্বমুঠ 3,072 গৰাকী ব্যক্তি কৰ‘ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু 75 গৰাকী লোক নিহত হৈছে ৷ ইয়াৰে ভিতৰত 213 গৰাকীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details