স্পৰ্টছ ডেস্ক, ২৩ মে': নিউজিলেণ্ডৰ খেলুৱৈ তথা ক্ৰিকেট দলৰ প্ৰতি পুনৰ বাৰ নিজৰ ভাল পোৱা প্ৰদৰ্শন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে । শুকুৰবাৰে নিজৰ ছ'চিয়েল মিডিয়াৰ টুইটাৰত নিউজিলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক কেন উইলিয়ামচনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে বিৰাট কোহলিয়ে ।
ফটোখনৰ কেপ্চনত বিৰাটে উল্লেখ কৰে, "লাভ আৱাৰ চেটছ, গুড মেন" ।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো নিউজিলেণ্ডৰ প্ৰতি ভাল পোৱা মুকলিকৈ প্ৰদৰ্শন কৰিছিল বিৰাট কোহলিয়ে । যোৱা ফেব্ৰুৱাৰী মাহত কোহলিয়ে কৈছিল নিউজিলেণ্ড ক্ৰিকেট দলটো হৈছে সকলো সময়তে সঠিক খেল ভাৱনাৰে খেলা এটা দল । ভাৰতে যদি কোনো দলৰ সৈতে এক নম্বৰ স্থান ভাগ কৰিব বিচাৰিব তেন্তে সেইটো দল হ'ব নিউজিলেণ্ড বুলি কৈছিল বিৰাটে ।
ইয়াৰ পূৰ্বেও সংবাদমেল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো কোহলিয়ে নিউজিলেণ্ড দলৰ প্ৰতি নিজৰ ভাল পোৱা, সন্মান প্ৰদৰ্শন কৰিছে । সেইয়া লাগিলে বিশ্বকাপত নিউজিলেণ্ডৰ হাতত পৰাজয়বৰণ কৰাৰ পাচত নিউজিলেণ্ড ভ্ৰমণৰ কাৰ্যসূচী প্ৰতিশোধৰ ভাৱনাৰে যাব নেকি বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ ক্ষেত্ৰতেই হওক ।