অসম

assam

By

Published : May 16, 2020, 3:33 PM IST

ETV Bharat / sports

COVID-১৯ : পুনৰ অনুশীলনত নামিল বিৰাট কোহলি !

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ লক্ ডাউন ঘোষণা কৰা পাচতেই গৃহবন্দী হৈ আছে বহু ক্ৰিকেটাৰ লগতে বহু খেলুৱৈ । কিন্তু শেহতীয়াকৈ পুনৰ অনুশীলনত নামিছে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি । অনুশীলনৰ এক ভিডিঅ' শ্বেয়াৰ কৰে খেলুৱৈগৰাকীয়ে ।

virat kohli returns to training amid lockdown shares video doing laps
virat kohli returns to training amid lockdown shares video doing laps

স্পৰ্টছ ডেস্ক, ১৬ মে': বিশ্ব জুৰি চলি থকা কৰ'ণা ভাইৰাছৰ ফলত বাৰুকৈ প্ৰভাৱিত হৈছে ক্ৰীড়াজগতৰ লগতে খেলুৱৈ সকলৰ জীৱন-প্ৰণালী । ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত লক্ ডাউন ঘোষণা কৰাৰ পাচৰে পৰা ভাৰতীয় ক্ৰিকেট দলৰ সদস্য সকলেও গৃহতে আৱদ্ধ হ'বলগীয়া হৈছে ।

কিন্তু ফিটনেছৰ প্ৰতি সদায় সজাক হৈ থকা বিৰাট কোহলিয়ে শেহতীয়াকৈ আৰম্ভ কৰিছে অনুশীলন প্ৰক্ৰিয়া । নিজৰ অনুশীলনৰ এক ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে খেলুৱৈগৰাকীয়ে । কোহলিয়ে ইয়াৰ লগতে কৈছে,কামত নিজকে নিয়োজিত কৰাটো জীৱনৰ এটা নিয়ম আৰু ইয়াৰ বাবে কোনো পেশাৰ প্ৰয়োজন নাই । সিদ্ধান্ত আপোনাৰ ।

বৰ্তমান সময়ত কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলতেই সকলো ক্ৰীড়া কাৰ্য-কলাপ স্তব্ধ হৈ পৰিছে । আনকি মহামাৰীৰ ফলত আইপিএলৰ ত্ৰয়োদশ সংস্কৰণো অনিদিৰ্ষ্ট কাললৈ বাতিল কৰিবলগীয়া হৈছে । ৰয়েল চেলেঞ্জ বেংগালৰৰ অধিনায়কৰ দায়িত্বত আছে কোহলি । আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ভাৰতে অন্তিম বাৰৰ বাবে এই বৰ্ষত নিউজিলেণ্ডৰ বিৰুদ্ধে ফেব্ৰুৱাৰী-মাৰ্চ মাহত মুখামুখি হৈছিল । ইয়াৰ পাচতেই কৰ'ণা মহামাৰীৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাও বাতিল কৰিবলগীয়া হয় ।

ভাৰতত এতিয়াও অব্যাহত আছে কৰ'ণা ভাইৰাছৰ তাণ্ডৱ । বৰ্তমানলৈকে ৮৬,৫০৮ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ভাৰতত । আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান চীনকো পিচ পেলাবলৈ সক্ষম হৈছে । উল্লেখ্যে চীনৰ ৱুহান চহৰতেই প্ৰথমে উদ্ভৱ হৈছিল এই ভাইৰাছ । এই ভাইৰাছৰ ফলত বিশ্বৰ ভিতৰতেই আটাইতকৈ বেছি ক্ষতিগস্থ হৈছে আমেৰিকা ।

ABOUT THE AUTHOR

...view details