অসম

assam

By

Published : Nov 18, 2019, 10:58 PM IST

ETV Bharat / sports

পিংক বলৰ সন্মুখীন হ'বলৈ সাজু বিৰাট বাহিনী

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ ৷ ভাৰত-বাংলাদেশৰ মাজত পোন প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব দিবা-নৈশ টেষ্ট ৷ এই টেষ্ট মেচখনৰ বাবে পোন প্ৰথমে কলকাতাত উপস্থিত হ’ব ভাৰতৰ অধিনায়ক বিৰাট কোহলি আৰু সহ অধিনায়ক অজ্যিংকা ৰাহানে ৷

দিবা-নৈশ টেষ্টৰ বাবে প্ৰথমে কলকাতাত উপস্থিত হ’ব বিৰাট, ৰাহানে

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ:বাংলাদেশৰ বিৰুদ্ধে 22 নৱেম্বৰৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ ৷ 22 পৰা 26 নৱেম্বৰলৈ চলিব এই ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচখন ৷ পোন প্ৰথমবাৰৰ বাবে পিংক বলৰ সন্মুখীন হ’ব ভাৰতীয় দলটোৰ লগতে বাংলাদেশী দলটো ৷ ইতিমধ্যে এই মেচখনৰ বাবে সকলো টিকট বিক্ৰী হোৱাৰ লগতে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিচিচিআইয়ে ৷

পোন প্ৰথমবাৰৰ বাবে পিংক বলৰ সন্মুখীন হ’ব ভাৰতীয় দল
কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ

জানিব পৰা মতে, মঙলবাৰে 9 বাজি 40 মিনিটত কলকাতাত উপস্থিত হ’ব ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলি আৰু সহ অধিনায়ক অজ্যিংকা ৰাহানে ৷ দলটোৰ অন্যান্য সদস্য সকল পলমকৈ উপস্থিত হ’ব ৷ অৱশ্যে কোহলিয়ে উপস্থিত হৈ পিট্ছ পৰিদৰ্শন কৰিব নে নাই সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ ৰোহিত শৰ্মা বুধবাৰে দিনৰ 2 বজাত, মহম্মদ শ্বামী আৰু উমেশ যাদৱ বুধবাৰে 9 বাজি 35 মিনিটত উপস্থিত হ’ব ৷

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ
পোন প্ৰথমবাৰৰ বাবে পিংক বলৰ সন্মুখীন হ’ব ভাৰতীয় দল

ইপিনে মঙলবাৰে নিশা 10 বাজি 45 মিনিটত ইশান্ত শৰ্মা উপস্থিত হোৱাৰ বিপৰীতে বাংলাদেশৰ দলটো মঙলবাৰে দুপৰীয়া 12.30 মিনিটত উপস্থিত হ’ব কলকাতাত ৷ ভাৰতে বৰ্তমান দুখন মেচৰ টি-20 শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথমখন মেচত এটা ইনিংছ সহ 130 ৰানত জয় লাভ কৰিছিল ভাৰতে ৷

লগতে চাওক-ৰ’নাল্ডোৰ আন্তঃৰাষ্ট্ৰীয় 99 সংখ্যক গ’ল, ইউৰো কাপলৈ যোগ্যতা অৰ্জন পৰ্তুগালৰ

For All Latest Updates

TAGGED:

Virat kohli

ABOUT THE AUTHOR

...view details