অসম

assam

ETV Bharat / sports

তেণ্ডুলকাৰৰ অভিলেখেৰে সমতা স্থাপনৰ দিশত কোহলী

তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন কৰাৰ দিশে বিৰাট কোহলী ৷ এদিনীয়াত ঘৰুৱা মাটিত 20 টা শতক অৰ্জন কৰিলে তেণ্ডুলকাৰৰ সমতা স্থাপন কৰিব অধিনায়ক গৰাকীয়ে ৷

By

Published : Jan 13, 2020, 11:42 PM IST

বিৰাট কোহলী আৰু শচীন তেণ্ডুলকাৰ
তেণ্ডুলকাৰৰ অভিলেখেৰে সমতা স্থাপনৰ দিশত কোহলী

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰী : প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখেৰে সমতা স্থাপনৰ দিশত আগবাঢ়িছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মঙলবাৰৰ পৰা আৰম্ভ হ'বলগা এদিনীয়া শৃংখলাৰ জৰিয়তে তেণ্ডুলকাৰৰ অভিলেখেৰে সমতা স্থাপন কৰাৰ সুযোগ লাভ কৰিব কোহলীয়ে ৷

উল্লেখ্য যে, 50 অ'ভাৰ ফৰমেটৰ সৰ্বাধিক শতক অৰ্জন কৰা অভিলেখৰ গৰাকী হৈছে শচীন তেণ্ডুলকাৰ ৷ ইয়াৰে 20 টা শতক তেওঁ ভাৰতৰ মাটিত গঢ়িছিল ৷ কোহলীয়ে বৰ্তমানলৈকে ঘৰুৱা মাটিত 19 টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ মঙলবাৰৰ পৰা আৰম্ভ হ'বলগা মেচৰ জৰিয়তে তেওঁ তেণ্ডুলকাৰৰ অভিলেখ চুবলৈ সক্ষম হ'ব ৷

শ্ৰীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-20 শৃংখলাত 11,000 ৰাণ সম্পূৰ্ণ কৰা দ্ৰুততম অধিনায়ক হিচাপে পৰিগণিত হয় কোহলী ৷

আৰু পঢ়ক : নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল ঘোষণা বিচিচিআইৰ

ABOUT THE AUTHOR

...view details