অসম

assam

ETV Bharat / sports

টেষ্ট ক্ৰিকেটৰ বাবে টেষ্ট চেম্পিয়নশ্বিপ উত্তমঃ বিৰাট কোহলি

ৱেষ্ট ইণ্ডিজৰ ভ্ৰমণত থকা বিৰাট কোহলিৰ টেষ্ট চেম্পিয়নশ্বিপকলৈ প্ৰতিক্ৰিয়া ৷ 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে ক'লে টেষ্ট চেম্পিয়নশ্বিপ হৈছে এটা ভাল পদক্ষেপ ৷

By

Published : Aug 21, 2019, 7:32 AM IST

টেষ্ট ক্ৰিকেটৰ বাবে টেষ্ট চেম্পিয়নশ্বিপ উত্তমঃ বিৰাট কোহলি

স্পৰ্টছ ডেস্ক, 21 আগষ্টঃটেষ্ট ক্ৰিকেটত নতুনকৈ সংযোজন হোৱা টেষ্ট চেম্পিয়নশ্বিপক লৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ প্ৰতিক্ৰিয়া ৷ টেষ্ট চেম্পিয়নশ্বিপৰ পিচত টেষ্ট ক্ৰিকেট আৰু অধিক প্ৰত্যাহ্বানমূলক হৈ পৰিছে ৷ সঠিক সময়ত এইয়া সঠিক পদক্ষেপ বুলি উল্লেখ কৰে বিৰাটে ৷

দুই বছৰলৈ চলিবলগীয়া এই টেষ্ট চেম্পিয়নশ্বিপত মুঠ 27 টা শৃংখলাৰ 71 খন টেষ্ট মেচত খিতাপ জয়ৰ যুঁজত নামিব বিশ্বৰ 9 খনকৈ দেশ ৷ য'ত আছে ইংলেণ্ড, ভাৰত, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ, শ্ৰীলংকা ক্ৰিকেট দল ৷

টেষ্ট ক্ৰিকেটৰ বাবে টেষ্ট চেম্পিয়নশ্বিপ উত্তমঃ বিৰাট কোহলি

কোহলিয়ে লগতে কয়, বিগত কিছু সময় ধৰি টেষ্ট ক্ৰিকেটৰ প্ৰাসংগিতাক লৈ প্ৰশ্ন উঠি আহিছিল যদিও টেষ্ট চেম্পিয়নশ্বিপৰ পিচত এনে প্ৰশ্নৰ অৱসান ঘটিব ৷ এতিয়া পৰা টেষ্ট ক্ৰিকেটত অধিক প্ৰতিদ্বন্দিতা দেখা পোৱা যাব দল সমূহৰ মাজত ৷ আনহাতে বহু কম মেচ হে ড্ৰ'ত সমাপ্ত হ'ব বুলি কয় বিৰাটে ৷ কাৰণ প্ৰতিটো দলেই জয় লাভেৰে অধিক পইণ্ট সংগ্ৰহ কৰাৰ চেষ্টা চলাব ৷ বৃহস্পতিবাৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অৱতীৰ্ণ হ'ব ভাৰত ৷

ABOUT THE AUTHOR

...view details