স্পৰ্টছ ডেস্ক, 2 মাৰ্চঃ নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট পৰাস্ত হোৱাৰ লগে-লগে 2-0 ব্যৱধানত হুৱাইট ৱাছৰ সন্মুখীন হয় ভাৰতীয় ক্ৰিকেট দল ৷ অন্তিমখন টেষ্টত পৰাস্ত হোৱাৰ পাচতেই খ্ৰীষ্টচাৰ্চত সংবাদমেল সম্বোধন কৰিবলৈ আহে ভাৰতৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক বিৰাট কোহলি ৷ কিন্তু সংবাদমেল সম্বোধন কৰি থকাৰ মাজতেই এজন সাংবাদিকৰ প্ৰশ্নত ক্ষোভিত হৈ পৰে ভাৰতীয় অধিনায়কগৰাকী ৷
আচলতে দ্বিতীয়খন টেষ্টত কেন উলিয়ামচনৰ উইকেট দখলৰ পাচতেই আক্ৰমণত্মাক ভংগীমাৰে আনন্দ প্ৰকাশৰ লগতে ষ্টেডিয়ামত বহি থকা দৰ্শকলৈ চাই মনে মনে থকাৰ ইংগিত দিছিল কোহলিয়ে ৷ যিটো পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল ৷ এই সন্দৰ্ভতেই সাংবাদিকগৰাকীয়ে প্ৰশ্ন কৰাত সৰৱ হৈ পৰা দেখা যায় কোহলিক ৷
সাংবাদিকগৰাকীৰ প্ৰশ্ন: আপোনাৰ কি মনোভাৱ, খেলপথাৰত নিজৰ আচৰণকলৈ, প্ৰথমে আপুনি কেন উইলিয়ামচনক আউট কৰি আক্ৰমণাত্মক ভংগীমা দেখুৱাৰ লগতে দৰ্শককো চুপ থাকিবলৈ ইংগিত দিছিল ?
কোহলি: আপুনি কি ভাৱে ?