অসম

assam

ETV Bharat / sports

টেষ্ট ক্ৰিকেটৰ প্ৰতি কোহিলৰ ধাউতি ভাৰতীয় দলৰ বাবে শুভজনক : দ্ৰাৱিড়

কোহলিক লৈ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাৱিড়ৰ গুৰুত্বপূৰ্ণ মন্তব্য । কোহলিৰ টেষ্ট ক্ৰিকেটৰ ধাউতি ভাৰতীয় দলৰ বাবে শুভজনক বুলি কয় দ্ৰাৱিড়ে । চেতেশ্বৰ পূজাৰক লৈও মন্তব্য কৰে দ্ৰাৱিড়ে ।

virat keeping test on top is a good sign for india says rahul dravid
virat keeping test on top is a good sign for india says rahul dravid

By

Published : Jun 9, 2020, 7:38 PM IST

স্পৰ্টছ ডেস্ক, 9 জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাৱিড়ে । ৰাহুল দ্ৰাৱিড়ৰ মতে কোহলিৰ টেষ্ট ক্ৰিকেটৰ প্ৰতি অত্যাধিক ধাউতি ভাৰতীয় দলৰ বাবে এক শুভ লক্ষণ ।

টেষ্ট ক্ৰিকেটৰ প্ৰতি কোহিলৰ ধাউতি ভাৰতীয় দলৰ বাবে শুভজনক : দ্ৰাৱিড়

দ্ৰাৱিড়ে লগতে কয় টেষ্ট ক্ৰিকেটত ভাৰতীয় দলটো এক নম্বৰ স্থান সুনিশ্চিত কৰিবলৈ আগ্ৰহী আৰু যাৰ বাবে কোহলিৰ সেইটোৰ প্ৰতি মনোনিৱেশ থকাটো খুবেই প্ৰয়োজন ।

সঞ্জয় মাঞ্জৰেকাৰ সৈতে হোৱা ইনষ্টাগ্ৰামৰ এক ভিডিঅ' কথোপকথনত এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । খেলুৱৈগৰাকীয়ে নিজৰ ক্ৰিকেটৰ দিনৰ কথা সোঁৱৰাৰ লগতে ৰক্ষণশীল বেটিঙৰ ভৱিষ্যৎ, এজন টেষ্ট ক্ৰিকেটাৰ ৰূপে চেতেশ্বৰ পূজাৰাৰ যোগ্যতাৰ বিষয়েও আলাপ কৰে ।

খেলুৱৈগৰাকীয়ে টি-20 আৰু টেষ্ট ক্ৰিকেটৰ মাজৰ চাপ সম্পৰ্কটো মন্তব্য প্ৰকাশ কৰে । টি-২০ ক্ৰিকেটত বিশেষ এটা ক্ষণত চাপ অধিক থাকে বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে কাৰণ মেচখনৰ প্ৰথমটো বলৰ পৰাই শ্ব'ট খেলিবলৈ অভ্যাস আৰু কৌশলৰ প্ৰয়োজন হৈ বুলি উল্লেখ কৰে দ্ৰাৱিড়ে । কিন্তু টেষ্ট ক্ৰিকেটত খেলুৱৈ প্ৰকৃত হেঁচাৰ মুখামুখি হ'বলগীয়া হয় বুলি কয় দ্ৰাৱিড়ে । কাৰণ সীমিত অভাৰত খেলুৱৈয়ে নিজৰ দুৰ্বলতাৰ লুকাই ৰখা বা তাৰ সৈতে আগুৱাই যাবলৈ সক্ষম হলেও টেষ্ট ক্ৰিকেটত সেয়া সম্ভৱ নহয় বুলি কয় দ্ৰাৱিড়ে ।

আনহাতে সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটাৰ সকল অধিক আক্ৰামক হৈ পৰিছে বুলি এই অনুষ্ঠানত উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । কিন্তু ভাৰতৰ বাবে টেষ্ট ক্ৰিকেটৰ প্ৰতি বিৰাটৰ আকৰ্ষণ দলটোৰ বাবে ভাল দিশ বুলি কয় দ্ৰাৱিড়ে । লগতে চেতেশ্বৰ পূজাৰাৰ বেটিং কৌশল, একাগ্ৰতাকো যথেষ্ট প্ৰশংসা কৰে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড়ে ।

ABOUT THE AUTHOR

...view details